ৰঙাপৰাত বনৰীয়া হাতীয়ে ভাঙিলে গীৰ্জা: চিন্তিত স্থানীয় ৰাইজ

By

Published : Oct 5, 2022, 5:27 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail
দুৰ্গা পূজাৰ আনন্দ উল্লাসে বিৰাজ কৰি থকাৰ সময়ত শোণিতপুৰৰ ৰঙাপৰাত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ (Wild elephant at Rangapara)। খাদ্যৰ সন্ধানত জনাঞ্চলত মুক্ত বিচৰণ কৰি থকা বনৰীয়া হাতীয়ে মঙলবাৰে নিশা মইনাজুলি চাহ বাগিচাত(Moinajuli tea estate) প্ৰৱেশ কৰি ক্ষতি সাধন কৰে এটা ধৰ্মীয় অনুষ্ঠানৰ । চাহ বাগিচাখনৰ ১৫ নং শ্ৰমিক থকা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ উপাসনাস্থলীৰ এখন পকীবেৰ হাতীয়ে ভাঙি পেলায় (Elephant destroyed church at Rangapara)। পকীবেৰখন ভাঙি বনৰীয়া হাতীয়ে গৃহটোৰ ভিতৰত থকা এক বস্তা চাউল ভক্ষণ কৰি পাছত হাতীকেইটা গুচি যায় । ইফালে ৰঙাপৰাৰ চেঁচা চাহ বাগিছাৰ ১২ নং লাইনত এটা বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত এটা বনৰীয়া হাতী প্ৰৱেশ কৰি বুদ্ধেশ্বৰ গোৱালাৰ বাসগৃহটি ভাঙি পেলায় ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.