Wild elephant and Rhino terror: মাজুলীৰ চাপৰিত হাতী গঁড়ৰ বসতি; ভয়ত চাপৰি এৰিছে ম’হ গুৱালে
🎬 Watch Now: Feature Video
মাজুলী, 3 আগষ্ট : কাজিৰঙা বা মানাহ ৰাষ্ট্ৰীয় উদ্যান নহয় । এইবাৰ দ্বীপ জিলা মাজুলী আৰু টীয়কৰ মাজৰ ব্ৰহ্মপুত্ৰৰ চাপৰি ৰূপায়ন্তৰ হৈছে এশিঙীয়া গঁড়ৰ ৰম্যভূমিলৈ ৷ কিয়নো মাজুলী আৰু টীয়কৰ মাজৰ চাপৰিত হাতী আৰু গঁড়ৰ জাকে মুক্ত বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে । বিগত কেইবাটাও দিনে উক্ত অঞ্চলত বিচৰণ কৰিছে 150 জনীয়া বনৰীয়া হাতীৰ এটা জাকে ৷
হাতীয়ে ত্ৰাস চলাইছে ম’হৰ খুটিত ৷ অন্যহাতে, হাতী-গঁড়ৰ ভয়ত চাপৰি এৰিব লগা হৈছে ম’হৰ গুৱালে । খাদ্যৰ সন্ধান ওলাই অহা এই বৃহৎ হাতীৰ জাকত আছে বহু কেইটা পোৱালিও । হাতী-ম’হৰ ত্ৰাসত এতিয়া শংকিত হৈ পৰিছে মাজুলীয়াল ৷ মাজুলীৰ বন বিভাগে এই বৃহৎ হাতীৰ জাকটো খেদিবলৈ চেষ্টা চলাই আছে যদিও বৰ্তমান পৰ্যন্ত হাতীৰ জাকটোক খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই ।
লগতে পঢ়ক : Wild elephant in Majuli: মাজুলীত অব্যাহত বন্যহস্তীৰ ত্ৰাস