বনৰীয়া ম’হৰ ত্ৰাসত ত্ৰাহি মধুসূদন সুঁৱৰিছে কলিয়াবৰবাসীয়ে - ম’হৰ ত্ৰাসত ত্ৰাহি মধুসূদন সুঁৱৰিছে কলিয়াবৰবাসীয়ে

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 3:12 PM IST

নগাঁও, 18 ডিচেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতৰ লগতে এইবাৰ বনৰীয়া ম’হে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ মাহ মাহ ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া ম'হে কলিয়াবৰৰ জনাঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছে । সোমবাৰে পুৱাৰে পৰা কলিয়াবৰৰ মাধতাৰীৰ পথাৰত এটা বনৰীয়া ম’হে অৱস্থান গ্ৰহণ কৰি আছে । 

ফলত বনৰীয়া ম’হৰ সন্ত্ৰাসত পথাৰত ধান কাটি থকা, গৰু-ম'হ চৰাবলৈ যোৱা গাঁওবাসীয়ে ত্ৰাহি মধুসূদন সুঁৱৰিছে । পুৱাই গাঁওবাসীয়ে বনৰীয়া ম'হটো দেখি বন বিভাগক খবৰ দিয়ে। বন বিভাগৰ লোক উপস্থিত হৈ ম'হটোৰ বিচৰণ লক্ষ্য কৰি আছে যদিও গাঁওবাসীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নিশাহে ম'হটো খেদিব পৰা যাব বুলি জানিবলৈ দিয়ে বন বিভাগৰ বিষয়াই ।

উল্লেখ্য যে, এতিয়ালৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া ম'হৰ আক্ৰমণত তিনিজনকৈ লোক নিহত হয় ৷

লগতে পঢ়ক: কেৱল যকৃতেই নহয় আপোনাৰ হৃদযন্ত্ৰৰ প্ৰতিও ভাবুকি কঢ়িয়াব পাৰে ডেংগুৱে: গৱেষণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.