Wife killed husband: বন্দনাকাণ্ডৰ পুনৰাবৃত্তি; বজালীত স্বামীক ঘপিয়াই হত্যা পত্নীৰ - স্বামীক ঘপিয়াই হত্যা
🎬 Watch Now: Feature Video
বৰপেটা, 6 এপ্ৰিল: ৰাজ্য কঁপোৱা বন্দনা কলিতাই সংঘটিত কৰা ডাব’ল মাৰ্ডাৰৰ ঘটনাৰ পিচতেই এইবাৰ বন্দনা কলিতা অনুকৰণ কৰিলে আন এগৰাকী মহিলাই (Wife killed husband at Bajali) ৷ বন্দনাৰ পথ অনুসৰণ কৰি শুই থকা অৱস্থাত স্বামীক দাৰে ঘপিয়াই দুছেওঁ কৰে পত্নীয়ে ৷ বৰপেটা জিলাৰ বজালীৰ গলিয়াত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা (Bandana Kalita like murder case repeat) ৷
পত্নী জুতিকা বৰাই সংবাদ মাধ্যমৰ সন্মুখত বৰ্ণনা কৰা অনুসৰি প্ৰতিদিনে স্বামীয়ে সুৰাপান কৰি আহি পত্নীক মাৰ ধৰ কৰাৰ লগতে মানসিকভাৱে অত্যাচাৰ কৰি আহিছিল (Wife confessed killing husband) ৷ তাৰ পিচতে বন্দনা কলিতাৰ বাতৰিটো দেখি তেতিয়াই স্বামীক হত্যা কৰাৰ কথা ভাবিছিল জুতিকাই ৷
বুধবাৰে প্ৰতিদিনৰ দৰে স্বামীয়ে সুৰাপান কৰি আহি পত্নীক দুৰ্ব্যৱহাৰ কৰি দাৰে ঘপিয়াবলৈ খেদি লৈ যায় ৷ জুতিকাই নিজৰ প্ৰাণ ৰক্ষা কৰি কোনোমতে সন্তানকেইটাক লৈ পলাই সাৰে ৷ তাৰ পিচতে নিশা পুনৰ স্বামীয়ে সুৰাপান শুই থকা অৱস্থাত দাৰে ঘপিয়াই স্বামীক হত্যা কৰে জুতিকাই ৷
লগতে পঢ়ক: Rape case at teok: সহায় খুজি ট্ৰাক চালকৰ কামনাৰ বলি হ’ল কিশোৰী
নিশা স্বামীক হত্যা কৰি বৃহস্পতিবাৰে পুৱা ছয় বছৰীয়া কন্যা সন্তানগৰাকীক লগত লৈ ভৱানীপুৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে পত্নী জুতিকা বৰাই ৷ পাৰিবাৰিক কন্দলৰ ফলত প্ৰায়েই মাতৃ গৃহত থাকিব লগা হৈছিল জুতিকা ৷ শেহতীয়াকৈ জুতিকা স্বামী গৃহলৈ অহাৰ পিচতেই এই ঘটনা সংঘটিত কৰে । বন্দনা কলিতাৰ স্বামী হত্যাৰ ঘটনা দেখি নিজৰ স্বামীক হত্যা কৰিবলৈ ঠিৰাং কৰা বুলি জনায় জুতিকা বৰাই ৷