অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ বাবে সংগ্ৰহ শিৱসাগৰ বৰপুখুৰীৰ পানী - প্ৰাণ প্ৰতিষ্ঠা
🎬 Watch Now: Feature Video


Published : Dec 11, 2023, 3:31 PM IST
শিৱসাগৰ, 11 ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ অযোধ্যাত দ্ৰুতগতিত চলি আছে ৰাম মন্দিৰ নিৰ্মাণৰ কাম। 2024 চনৰ জানুৱাৰী মাহত ভক্তৰ বাবে মুকলি হোৱাৰ সম্ভাৱনা আছে মন্দিৰটো। আগন্তুক বৰ্ষৰ 12 জানুৱাৰীত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব।
এই উপলক্ষে শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰীৰ পৰা সোমবাৰে বিশ্ব হিন্দু পৰিষদৰ বিষয়ববীয়াসকলে পানী সংগ্ৰহ কৰে। ৰীতি-নীতিৰ মাজেৰে মাটিৰ কলহ, পিতলৰ ঘটিত শিৱসাগৰ বৰপুখুৰীৰৰ পৰা পানী সংগ্ৰহ কৰে বিশ্ব হিন্দু পৰিষদৰ কেইবাজনো বিষয়বীয়াই ৷
বিশ্ব হিন্দু পৰিষদৰ অসম প্ৰান্তৰ গো-ৰক্ষা প্ৰমুখ অংকুৰ বেজবৰুৱাই কয় যে, এই পানী অযোধ্যাৰ নৱ নিৰ্মিত ৰাম মন্দিৰলৈ লৈ যোৱা হ'ব ৷ অহা 12 জানুৱাৰীত হ’বলগীয়া প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত এই পানী ব্যৱহাৰ কৰা হ’ব ৷ পানী সংগ্ৰহ কাৰ্যসূচীত বিশ্ব হিন্দু পৰিষদৰ অংকুৰ বেজবৰুৱা, পৰিষদৰ জিলা সভাপতি সৰল চেতিয়া, সহ-সম্পাদক জিতেন কোঁচ উপস্থিত থাকে ৷
লগতে পঢ়ক: মৃতপ্ৰায় অৱস্থাত জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলৰ গছ-গছনিসমূহ