Bhogdoi river full of garbage: আৱৰ্জনাৰে পৰিপূৰ্ণ ভোগদৈ পৰিষ্কাৰ কৰিলে সেচ্ছাসেৱী সংগঠনে

By

Published : Mar 1, 2023, 2:10 PM IST

thumbnail

যোৰহাট, ১ মাৰ্চ:যোৰহাট জিলাৰ মাজেৰে বৈ যোৱা যোৰহাটবাসীৰ আয়ুস ৰেখা ভোগদৈ নদী আৱৰ্জনাৰে ভৰিছে । ডাষ্টবিনলৈ পৰ্যবসিত হৈছে  ভোগদৈ নদী (Bhogdoi river full of garbage)। এই  আৱৰ্জনাৰে পৰিপূৰ্ণ ভোগদৈ নদী পৰিষ্কাৰ কৰিবলৈ ওলাই আহিল এটা স্বেচ্ছাসেৱী সংগঠন । দেশে পালন কৰাৰ আজাদী কা অমৃত মহোৎসৱ লগত সংগতি ৰাখি "নিৰমকাৰী মিছন" নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে দেশজুৰি এক বিশেষ অভিযান আৰম্ভ কৰিছে (Azadi Ka Amrit Mahotsava)। ইয়াৰ অংশ হিচাপে নিৰমকাৰী মিছনে যোৰহাট জিলাতো এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয় (Voluntary organisation cleans bhogdoi river) ।

আৱৰ্জনাৰে পৰিপূৰ্ণ হৈ পৰা ভোগদৈ নদী পৰিস্কাৰ কৰিবলৈ একত্ৰিত হ'ল মিছনৰ সহ্ৰাধিক সদস্য (Mission members gathered to clean up Bhogdoi River)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সদস্যসকলে একত্ৰিত ভাৱে ভোগদৈ নদীখনত থকা লেতেৰা আৱৰ্জনাবোৰ আঁতৰাই পৰিস্কাৰ কৰে । তেওঁলোকে একাদিক্ৰমে পৰিষ্কাৰ কৰিলে নদীখন বিভিন্ন অংশত জমা হৈ থকা জাৱৰ-জোঁথৰ । মিছনৰ এই পদক্ষেপক শলাগ লৈছে যোৰহটীয়া ৰাইজে ।  

উল্লেখ্য যে, নিৰমকাৰী মিছনে মানৱ জাতিৰ কল্যানৰ বাবে বিভিন্ন সময়ত ব্য়তিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি আহিছে । বৃক্ষ ৰোপন,ৰক্ত দান শিৱিৰ আৰু বান ক্ষতিগ্ৰস্থ সকল সাহায্য আদি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । নগাপাহাৰৰ পৰা বৈ অহা ভোগদৈ নদী কালক্ৰমত লেতেৰা নদীলৈ পৰ্যবসিত হৈছে । ইয়াৰ অন্যতম কাৰণ যোৰহাট অংশত বেদখল (Encroachment on Bank of river Bhogdoi)। ফলত সেইসকল লোকৰ মল -মূত্ৰ আৰু পেলনীয়া আৱৰ্জনা ভোগদৈ নদীত পেলাই থকা বাবে নদীখন লেতেৰা হৈ পৰিছে । এইদৰে ভোগদৈ কালক্ৰমত লেতেৰা আৰু দূষিত হোৱাৰ উপৰি ভোগদৈত অৱাধে বেদখল হৈ থকা পিছতো এইক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসনে আজিকোপতি কোনো ধৰণৰ পদক্ষেপ তথা অভিলাসী আঁচনি গ্ৰহণ কৰা নাই ।

লগতে পঢ়ক:AAP on Electricity tariff hike: মন্দাৰ সময়তো পুঁজিপতিক ২০ কোটি টকাৰ বিদ্যুৎ মাচুল ৰেহাই APDCL ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.