Viral audio on Cattle syndicate : উজনিত অব্যাহত গৰু ছিণ্ডিকেট; ভাইৰেল ফোন ৰেকৰ্ডিং - ভাইৰেল ফোন ৰেকৰ্ডিং

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 2:51 PM IST

ডিব্ৰুগড়, 13 নৱেম্বৰ : মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতো উজনিত অব্যাহত আছে গৰুৰ ছিণ্ডিকেটৰাজ । ভাইৰেল ফোন ৰেকৰ্ডিঙে উদঙাইছে গৰু ছিণ্ডিকেটৰ প্ৰকৃত সত্য । নিজকে বিজু বুলি পৰিচয় দিয়া ব্যক্তিজনে গৰু ব্যৱসায়ীৰ সৈতে ফোনযোগে তৰ্কত লিপ্ত হোৱা কণ্ঠ শুনিবলৈ পোৱা গৈছে । বিজুৱে গৰু ব্যৱসায়ীজনক স্পষ্টভাৱে কৈছে যে - মোৰ ঘৰৰ আগেদি গাড়ী পাৰ কৰ, মোৰ লগত হিচাপ মিলাবই লাগিব ।

ফোন ৰেকৰ্ডিঙটোত উজনি অসমৰ ডিব্ৰুগড় আৰু বৰবৰুৱাৰ কথা শুনিবলৈ পোৱা গৈছে । ইয়াৰ পৰা স্পষ্ট হৈছে যে ডিব্ৰুগড় আৰু বৰবৰুৱাৰ ৰাষ্ট্ৰীয় ঘাইপথতে গৰুৰ ছিণ্ডিকেট চলাই থকা সকলৰ পৰা ধনৰ বাবদ গাড়ীসমূহ পাৰ কৰোৱা হয় । ক'ল ৰেকৰ্ডিঙটোত বিজুৰ লগতে হিচাপ মিলাবৰ বাবে সঞ্জীৱ আৰু মামুদক দায়িত্ব দিয়া হৈছে বুলিও উল্লেখ কৰা হৈছে ।

ইয়াৰ পৰা বুজা যায় যে ধনৰ লেনদেনৰ জড়িয়তে উজনিত গৰু ছিণ্ডিকেট চলাই ৰাখিছে একাংশ গৰু ব্যৱসায়ীয়ে । হিচাপ নিমিলিলেই আৰক্ষীক খবৰ দি জব্দ কৰা হয় নেকি গৰু সৰবৰাহত জড়িত গাড়ী, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে । মন কৰিবলগীয়া যে যোৱা দিনকেইটাতে উজনি অসমৰ মৰাণত 75 টাকৈ গৰু জব্দ হৈছে ।

ইয়াৰে এখন 14 চকীয়া বাহনৰ চেপনত 32 টা, দুখন ডি আই বাহনত বামুণবাৰীত 18 টা আৰু তিনিখন ডি আই বাহনত মৰাণহাটত 25 টাকৈ চোৰাংভাৱে সৰবৰাহ কৰা গৰু জব্দ হৈছে । এই গৰুসমূহ পশুধনৰ কোনো নিয়ম নামানি গাড়ীত নীতি বহিৰ্ভূতভাৱে কঢ়িয়াই আনিছিল গৰু ব্যৱসায়ীয়ে ।

লগতে পঢ়ক : Elephant menace : শোণিতপুৰত পকা ধান খাই তহিলং কৰিছে বনৰীয়া হাতীৰ জাকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.