thumbnail

পিকনিক SOP ভংগ: কলিয়াবৰত আৰক্ষীৰ জালত বনভোজকাৰী দল

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 7:18 PM IST

কলিয়াবৰ, ৪ জানুৱাৰী : বনভোজকাৰী দলৰ ওপৰত SOP জাৰি কৰাৰ পাচতেই সক্ৰিয় হৈছে কলিয়াবৰ আৰক্ষী ৷ বৃহস্পতিবাৰে কলিয়াবৰ আৰক্ষীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে বনভোজ খাবলৈ অহা দলৰ এখন বাহন ৷ এই বাহনখনত ১৬ জনকৈ যুৱক আহিছিল কাজিৰঙাত বনভোজ খাবলৈ ।

উচ্চ স্বৰত গান বজাই বাহনৰ পিচফালে অতি বিপজ্জনকভাৱে নৃত্য কৰি আহিছিল বনভোজ খাবলৈ । বনভোজকাৰী দলটোৱে ৰাজপথত এনে উদ্ভণ্ডালি কৰোতে কলিয়াবৰ আৰক্ষীৰ চকুত ধৰা পৰে । ততাতৈয়াকৈ পিছে-পিছে কলিয়াবৰ আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথতে খেদি খেদি জব্দ কৰে বাহনখন ।

বাহনসহ বনভোজ খাবলৈ অহা দলটোৰ সদস্যসকলক কলিয়াবৰ আৰক্ষী চকীলৈ লৈ আহে । দলটোৰ সদস্যসকলক কলিয়াবৰ আৰক্ষী নিৱেশতে আটক কৰি ৰাখে আৰক্ষীয়ে । দেৰগাঁৱৰ ঘটনাৰ পাচতেই ৰাজ্য চৰকাৰে বনভোজৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিয়ম বান্ধি দিছে যদিও এচামে আজি গুৰু-গোঁসাই নামানি উদ্ভণ্ডালিৰ কৰাৰ ফল ভোগ কৰিলে ।

দেৰগাঁৱৰ শোকাৱহ ঘটনাৰ পাচতেই ৰাজ্য চৰকাৰৰ SOP ভংগ কৰা বনভোজ দলৰ বিৰুদ্ধে কঠোৰ হৈছে কলিয়াবৰ আৰক্ষী । দেৰগাঁৱৰ দুৰ্ঘটনাৰ দৰে যাতে আৰু তেনে ঘটনা সংঘটিত নহওঁক তাৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ আৰক্ষীৰ এই পদক্ষেপক আদৰণি জনাইছে সচেতন মহলে ।

লগতে পঢ়ক : দেৰগাঁৱৰ পথ দুৰ্ঘটনাত নিহতৰ পৰিয়ালৰ গৃহত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.