thumbnail

By

Published : Feb 13, 2023, 12:42 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

ETV Bharat / Videos

Lesser Adjutant Stork: ৰহাৰ এখন গাঁৱৰ ৰাইজে বিলুপ্তপ্ৰায় বৰটোকোলা সংৰক্ষণেৰে দিছে প্ৰকৃতি প্ৰেমৰ নিৰ্দশন

ৰহা, 13 ফেব্ৰুৱাৰী: যোৱা কিছুদিন ধৰি ৰহাকে ধৰি ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ প্ৰকৃতিপ্ৰেমী সকলৰ চকুত পৰিস্ফুত হৈছে এক অনাবিল আনন্দৰ অনুভূতি ৷ বৰ্ণনা কৰিব নোৱাৰা এক সীমাহীন আনন্দ ৷ এই দৃষ্টিনন্দন সুখ দেখিবলৈ পোৱা গৈছে নগাঁও জিলাৰ অন্তৰ্গত ৰহাৰ এখন গাঁৱত । ৰহাচকী- বামুণীয়া গাঁৱৰ এজোপা গছে ঢালি দিছে চালে চকু ৰোৱা এই নান্দনিক পৰিৱেশ ।

সকলোৰে উৎসুকতা সীমাবদ্ধ হৈ ৰৈছে এইজোপা বিশেষ গছৰ ওপৰত । কিয়নো গছজোপাত বাস কৰিছে কেইবাটাও বৰটোকোলাই (Lesser Adjutant Stork in Raha) । ৰহাচকী- বামুণীয়া গাঁৱৰ সীমাতে থকা এজোপা ওখ গছত বাঁহ সাজি বসবাস কৰি আছে সময়ৰ গতিত বিলুপ্ত হ’বলৈ ধৰা কেইটামান বৰটোকোলা পক্ষীয়ে । পক্ষীবিধ এইদৰে ৰহাৰ এই অঞ্চলটোলৈ আহি বসবাস কৰাক লৈ উৎফুল্লিত হৈ পৰিছে প্ৰকৃতি প্ৰেমীৰ লগতে গাঁওখনৰ ৰাইজ । গছ জোপাত কেইবাটাও বাহ সাজিছে বিলুপ্তপ্ৰায় এই পক্ষীবিধে । ইয়াৰ মাজতে আছে নতুনকৈ জন্ম হোৱা কেইবাটাও পোৱালি (Lesser Adjutant Stork baby)।

বহু দিন ধৰি বামুণীয়াগাঁৱৰ এই গছজোপাত বাস কৰা বৰটোকোলা কেইটাক ৰক্ষণাবেক্ষণ দি আহিছে ৰহাৰ অকণিৰ কবিতা ঘৰ নামৰ প্ৰকৃতি সংৰক্ষণৰ লগত জড়িত বেচৰকাৰী সংগঠনটোৰ সদস্যসকলে (NGO Akani Kabita Ghar involved in nature conservation) । আনহাতে এই সংৰক্ষণ কাৰ্যত হাত উজান দিছে গাঁওখনৰ লোকসকলেও । সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত সংৰক্ষিত হৈ থকা বিলুপ্তপ্ৰায় পক্ষীবিধক সংৰক্ষণ কৰিবলৈ চৰকাৰলৈও অনুৰোধ জনালে অকণিৰ কবিতা ঘৰ নামৰ প্ৰকৃতি সংৰক্ষণ কাৰ্যৰ লগত জড়িত সংগঠনটোৰ লগতে স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজে ।

উল্লেখ্য যে, বৰটোকোলা (Lesser Adjutant Stork) Ciconiidae পৰিয়ালৰ অন্তৰ্গত এবিধ ডাঙৰ আকাৰৰ বগলীজাতীয় চৰাই । এই গোত্ৰৰ অন্যান্য চৰাই সমূহৰ দৰেই ইয়াৰ ডিঙি আৰু মূৰত কোনো নোম বা পাখি নাথাকে । ইয়াক সাধাৰণতে জলাশয় সমূহত চৰি থকা দেখা যায় । বৰটোকোলা দক্ষিণ-পূব এছিয়াৰ পৰা জাভালৈকে বহুল ভাৱে বিস্তৃত অঞ্চলত পোৱা যায় যদিও বৰ্তমান বিলুপ্তপ্ৰায় হৈ পৰিছে এই পক্ষীবিধ ।

লগতে পঢ়ক: Gibbon Festival ২০২৩: পোন প্ৰথমবাৰৰ বাবে গিবন সংৰক্ষিত বনাঞ্চলত গিবন মহোৎসৱ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.