BJPs awareness programme: বৰপেটাত বিজেপিৰ গাঁৱে গাঁৱে যাওঁ ঘৰে ঘৰে যাওঁ অভিযান - village to village go door to door campaign

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 12, 2023, 6:37 PM IST

Updated : Apr 12, 2023, 6:50 PM IST

বৰপেটাৰোড, ১২ এপ্ৰিল : ভাৰতীয় জনতা পাৰ্টিৰ ৪৪তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলাৰ অ' বি চি মৰ্চাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে "গাঁৱে গাঁৱে যাওঁ, ঘৰে ঘৰে যাওঁ" শীৰ্ষক অভিযান কাৰ্যসূচী ৰূপায়ন কৰে (village to village go door to door campaign) ৷ বিগত ৬ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই অভিযান অহা ১৪ এপ্ৰিললৈ চলিব ৷ 

অ' বি চি সকলৰ কল্যাণৰ বাবে চৰকাৰৰ বিগত ৯ বছৰীয়া কাৰ্যকালত কি কি কৰিলে সেয়া অৱগত কৰিবলৈ "গাঁৱে গাঁৱে যাওঁ, ঘৰে ঘৰে যাওঁ" শীৰ্ষক অভিযানৰে বৰপেটা জিলাৰ হাউলী মণ্ডলৰ অধীনস্থ ধূপগুৰী আৰু কলবাৰী গাঁওৰ প্ৰতিঘৰ লোকক অৱগত কৰাৰ লগতে গাঁও দুখনৰ জ্যেষ্ঠ লোকসকলৰ সৈতেও মতবিনিময় কৰে । 

এই অভিযানত বৰপেটা জিলা বিজেপিৰ অ' বি চি মৰ্চাৰ সভাপতি অনিল কুমাৰ দাসকে ধৰি কেইবাগৰাকী বিজেপি নেতা নেত্ৰীয়ে অংশগৰহণ কৰে (BJP campaign in Barpeta)। উল্লেখ্য় যে, এই কাৰ্যসূচীৰ জৰিয়তে ঘৰে ঘৰে গৈ OBC কল্যাণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৰা কামসমূহৰ খতিয়ান দাঙি ধৰিছে । এই কাৰ্যসূচীৰ শেষৰ দিনটোতো জ্যোতিৰাও গোবিন্দাও ফুলেৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি তেওঁৰ জীৱনৰ ওপৰত বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে । 

লগতে পঢ়ক:Venture Schools of Assam: ভেঞ্চাৰ স্কুলৰ স্বীকৃতি বাতিল; ৰঙালীত বঞ্ছনাৰ বলি ৰাজ্যৰ একাংশ শিক্ষক

Last Updated : Apr 12, 2023, 6:50 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.