Durga Puja 2023: দেৰগাঁৱৰ গেলাবিলত দেৱী বিসৰ্জন - গেলাবিলত বিসৰ্জন দেৱী দুৰ্গাৰ প্ৰতিমা
🎬 Watch Now: Feature Video
Published : Oct 24, 2023, 6:26 PM IST
যোৰহাট, ২৪ অক্টোবৰ: গেলাবিলত বিসৰ্জন দিয়া হয় দেৱী দুৰ্গাৰ প্ৰতিমা । আজি বিজয়া দশমীত পূজা মণ্ডপত ম্লান পৰিল ঢাক-ঢোলৰ শব্দ । পুৱাৰে পৰা পূজামণ্ডপ সমূহৰ আয়োজক সমিতিয়ে প্ৰতিমাসমূহ বিসৰ্জন দিবলৈ নিদিষ্ট স্থান সমূহলৈ নিয়াৰ সময়ত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয় । বৈদিক নীতি-নিয়ম আৰু ধৰ্মীয় পৰম্পৰা মানি চলি শাৰী শাৰীকৈ দেৰগাঁৱৰ গেলাবিল নদীৰ নিদিষ্ট ঘাট লৈ অনা হয় ।
শৃংখলাৱদ্ধভাৱে বিসৰ্জন দিয়া হয় দেৱীৰ প্ৰতিমাসমূহ । এইবাৰ দেৰগাঁৱত প্ৰশাসনৰ তথ্য মতে ৫২খন পূজাৰ আয়োজন কৰা হয় । তদুপৰি ব্যক্তিগতভাৱে পূজা অনুষ্ঠিত কৰি আহিছে একাংশ লোকে । দেৱী বিসৰ্জন পৰ্বত সাক্ষী হয় সহস্ৰাধিক লোক । বিসৰ্জনস্থলীত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সষ্টম হয় আৰক্ষী তথা প্ৰশাসনৰ লোক ।
লগতে পঢ়ক:Durga Puja 2023: ডিব্ৰুগড়ৰ কছাৰী ঘাটত দেৱী বিসৰ্জন