thumbnail

By

Published : Dec 13, 2022, 5:23 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ETV Bharat / Videos

Group of six Pythons found near canal: খাৱৈৰ সমীপতে 6 টা অজগৰৰ মনোমোহা দৃশ্য

কেৰেলাৰ কোজিকোড চহৰত বিৰল দৃশ্য ৷ চহৰখনৰ উপনগৰৰ মাজেৰে বৈ যোৱা এটা খাৱৈৰ ওচৰতে 6 ডাল অজগৰ সাপ প্ৰত্যক্ষ কৰে স্থানীয় লোকে (Group of six Pythons found near canal)৷ এই মনোমোহা দৃশ্য চাবলৈ অঞ্চলটোত স্থানীয় লোকসকলে ভিৰ কৰেহি (Huge Crowd to watch python)৷ লগে লগে স্থানীয়ে লোকে বন বিভাগক খবৰ দিয়ে ৷ খবৰ পোৱা মাত্ৰকে বন বিভাগৰ লোক উপস্থিত হৈ প্ৰথমে এডাল অজগৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় (one python was rescued ) যদিও বাকী পাঁচডাল অজগৰ বন বিভাগৰ লোক দেখি খাৱৈত সোমাই নোহোৱা হৈ পৰে ৷ বন বিষয়াজনে কয় যে উক্ত অঞ্চলটো অজগৰৰ উপস্থিতিৰ বাবে জনাজাত ৷ অজগৰ সাপবোৰে ওচৰৰ কুকুৰাৰ দোকানৰ পৰা পেলোৱা আৱৰ্জনা খাবলৈ তালৈ আহিছিল ৷ অজগৰ কেইডালক চাবলৈ আহি অঞ্চলটোত যান-জঁটৰ সৃষ্টি কৰে লোকসকলে ৷ সম্প্ৰতি বন বিভাগৰ দলে উদ্ধাৰ কৰা অজগৰটো থামাৰাচেৰী বন কাৰ্যালয়লৈ লৈ যোৱা হয় ৷ পৰৱৰ্তী সময়ত ইয়াক বনাঞ্চলত মুকলি কৰি দিয়া হ'ব বিষয়াজনে সদৰী কৰে ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.