Moran Police Viral Video: মুখ্যমন্ত্ৰীয়ে ঘোচ ধন নল'বলৈ ক'লেও মোহ এৰাত নাই আৰক্ষীয়ে
🎬 Watch Now: Feature Video
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক কাঢ়া নিদেৰ্শ দিছিল কোনেও কাৰোৰে পৰা এটকাও ঘোচ নাখাবলৈ (Taking bribe by police at Moran)। ৰাইজক সেৱা কৰাৰ স্বাৰ্থত নিজক নিয়োজিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বাৰেবাৰে আৰক্ষীক আহ্বান জনাই আহিছে । কিন্তু মুখ্যমন্ত্ৰীৰ এই আহ্বানক অলপো গুৰুত্ব নিদিয়ে আৰক্ষীৰ একাংশ বিষয়া-কনিষ্টবলে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো ডিব্ৰুগড় জিলাৰ মৰাণৰ ৰাজপথত মৰাণ আৰক্ষীয়ে বাইক আৰোহীৰ পৰা ধন লোৱাৰ দৃশ্য বন্দী হ'ল কেমেৰাত (Moran police viral video)। ইতিমধ্যে এই দৃশ্য ভাইৰেল হৈ পৰাত সমগ্ৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে । ৰাজপথতে বাইক আৰোহীক ৰখাই ধন লোৱাৰ এই দৃশ্যই এতিয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশক গুৰুত্বহীন কৰাৰ লগতে আৰক্ষীৰ প্ৰকৃত ছবিখন উদঙাই দিছে (Assam police demands bribe) ।
Last Updated : Feb 3, 2023, 8:23 PM IST