thumbnail

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 8:02 PM IST

ETV Bharat / Videos

Veterinary camp: বাক্সাৰ আলাগজাৰত পশু চিকিৎসা শিবিৰ

বাক্সা, ১২ ছেপ্টেম্বৰ: মঙলবাৰে বাক্সা জিলাৰ বানবিধস্ত আলাগজাৰ গাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰ বাক্সাৰ উদ্যোগত আৰু বৰমা পশু চিকিৎসালয়ৰ সহযোগত অনুষ্ঠিত হয় এক পশু চিকিৎসা শিবিৰ ৷ আলাগজাৰ গাঁৱৰ বেছিভাগ লোকে কৃষিকৰ্মৰে ওপৰতে নিৰ্ভৰশীল ৷ কৃষিকৰ্মৰ লগত জড়িত এই লোকসকলে গৰু, ছাগলী, হাঁহ-কুকুৰা, গাহৰি আদি পালন কৰি জীৱন নিৰ্বাহ কৰি আহিছে ।

সেয়ে এই চিকিৎসা শিবিৰত কৃষকসকলৰ পোহনীয়া জীৱ-জন্তুৰ চিকিৎসা কৰাৰ লগতে শতাধিক গৰু আৰু ছাগলীক ভেকচিন প্ৰদান কৰা হয় ৷ উক্ত পশু চিকিৎসা শিবিৰত ডাঃ দেৱজিৎ ডেকা, ডাঃ উত্তম ৰাজখোৱা, কনকু ডেকা, কান্তশ্বৰ বৰ্মন, ত্ৰৈলক্য শৰ্মা, অমৰেন্দ্ৰ চৌধুৰী উপস্থিত থাকি পোহনীয়া জীৱ-জন্তুসমূহক চিকিৎসা প্ৰদান কৰাৰ লগতে কৃষিকৰ্মৰ লগত জড়িত লোকসকলক বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে ৷  

লগতে পঢ়ক: Baksa protest: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ক্ষুদ্ধ বাক্সাৰ ১৪ খন গাঁৱৰ ৰাইজৰ গণতান্ত্ৰিক আন্দোলন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.