AAP Protest in Guwahati: মহানগৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ - Guwahati
🎬 Watch Now: Feature Video
গুৱাহাটী,১৮ জুলাই: মহানগৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ । মঙলবাৰে গণেশগুৰিৰ হনুমান মন্দিৰৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰে আপৰ দলীয় কৰ্মীয়ে । আপ অসমৰ মহিলা শক্তি, যুৱ শক্তি আৰু ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ স্বেচ্ছসেৱকে মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে । হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী শাসন চলিবলৈ দিয়া নহ’ব, শাক-পাচলি মূল্যবৃদ্ধি ৰোধ কৰক , বিজেপি চৰকাৰ হায় হায়, যোগান মন্ত্ৰীয়ে পদত্যাগ কৰক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে আপ কৰ্মীসকলে।
আনহাতে যোগান মন্ত্ৰীয়ে চকুমুদা কুলিৰ ভাও ধৰি আছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷ উল্লেখ্য যে অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি দল-সংগঠনে তীব্ৰ প্ৰতিবাদ কৰি আহিছে যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণত কাণসাৰ নাই চৰকাৰৰ । কেৱল টাস্ক ৰ্ফচ গঠন কৰিয়ে দায়িত্ব সামৰিলে নেকি চৰকাৰে ! মূল্যবৃদ্ধি ৰোধ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ ।
লগতে পঢ়ক:Protest in Guwahati:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাসৰ দাবীত বিক্ষোভ