thumbnail

By

Published : Dec 17, 2022, 9:36 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / Videos

Promotion of Bangla language in Assam: বাংলা ভাষা প্ৰচাৰৰ অভিযোগত বহিৰাগত কোম্পানীৰ বিৰুদ্ধে গৰজিল বীৰ লাচিত সেনা

গোলাঘাটত বাংলা ভাষাৰ প’ষ্টাৰ লগাই ভাষাটোৰ প্ৰচাৰত নামিল বহিঃৰাগত কোম্পানী ৷ অসমীয়া ভাষাৰ পৰিৱৰ্তে বহিঃৰাগত কোম্পানীয়ে জিলাখনত বাংলা ভাষাৰ প্ৰচাৰ কৰাক লৈ গৰজি উঠিল বীৰ লাচিত সেনা (Veer Lachit Sena) । বাৰামতি এগ্ৰো লিমিটেড নামৰ মহাৰাষ্ট্ৰৰ এটা কোম্পানীয়ে বাংলা ভাষাত প’ষ্টাৰ লগাই অসমতে পুনৰ এবাৰ অসমীয়া ভাষাক অপমান কৰাৰ দুঃসাহস কৰাৰ অভিযোগ তুলিলে বীৰ লাচিত সেনাই । সংগঠনটোৰ অভিযোগ, কোম্পানীটোৱে ই-ৰিক্সাত বাংলাভাষাৰ প’ষ্টাৰ লগাই গোলাঘাটত চলাই গৈছিল বাংলা ভাষাৰ প্ৰচাৰ (Promotion of Bangla language by foreign companies) । ইয়াৰ পিছতেই বীৰ লাচিত সেনাৰ বিষয়ববীয়া কাৰ্যালয়টোত উপস্থিত হৈ কোম্পানীটোৰ বিষয়াক বাংলা ভাষাৰ প’ষ্টাৰবোৰ আঁতৰাবলৈ তিনিদিনৰ সময় বান্ধি দিয়ে । লগতে গোলাঘাট জিলা উপায়ুক্তকো সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰে লাচিত সেনাই ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.