দেশ-জাতিৰ বাবে প্ৰাণ আহুতি দিয়া দুই বীৰক স্মৰণ কৰি বীৰ বাল দিৱস পালন - গোলাঘাটত বীৰ বাল দিৱস
🎬 Watch Now: Feature Video
Published : Dec 26, 2023, 5:10 PM IST
গোলাঘাট, 26 ডিচেম্বৰ : শিখ ধৰ্মাৱলম্বী লোক গুৰু গোবিন্দ সিঙৰ দুই সন্তান ক্ৰমে বাবা জোৰাৱৰ সিং আৰু বাবা ফতেহ সিঙক 1705 ৰ 12 ডিচেম্বৰত মৃত্যুদণ্ড বিহা হৈছিল ৷ দেশৰ বাবে আত্মবলিদান দিয়া দশম গুৰু গোবিন্দ সিঙৰ এই দুই চাহেবজাদেৰ স্মৃতিত প্ৰতিবছৰে 26 ডিচেম্বৰৰ দিনটো বীৰ বাল দিৱস হিচাপে পালন কৰা হয় ৷
বিশেষ দিনটোত গোলাঘাটৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা গুৰুদ্বাৰ লৈকে প্ৰায় শতাধিক বিজেপি কৰ্মীয়ে গুৰুদ্বাৰলৈ এক শোভাযাত্ৰা বাহিৰ কৰে ৷ এই শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গোলাঘাট জিলা বিজেপিৰ সভাপতি দেৱপ্ৰদিপ বৰাই । দেশৰ ধৰ্ম সংস্কৃতি সুৰক্ষাৰ বাবে শিখ ধৰ্মাৱলম্বী জোৰাবৰ সিং আৰু ফতেহ সিঙে আত্মবলিদান দিছিল ৷ মহান বীৰ দুগৰাকীৰ ত্যাগক সকলোৰে মাজত জীয়াই ৰখাৰ স্বাৰ্থত শিখ ধৰ্মাৱলম্বী লোকসকলৰ লগতে বিজেপিৰ জিলা সমিতিয়ে এই দিৱস পালন কৰে ৷ আনহাতে বীৰ দুগৰাকীৰ যি বীৰত্ব তাৰ বিষয়েও শিখ ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মস্থান গুৰুদ্বাৰত এক আলোচনা কৰা হয় ৷
লগতে পঢ়ক : গোলাঘাটৰ চিনাতলী উচ্চ বুনিয়াদী বিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা প্ৰদৰ্শন ৰাসলীলা