DU Ragging Case : ৰেংগি কমিটীৰ ওচৰত ভাষ্য প্ৰদান উপাচাৰ্যৰ - ৰেগিংকাণ্ডৰ উচিত তদন্ত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 3, 2022, 10:20 AM IST

Updated : Feb 3, 2023, 8:34 PM IST

আজিও চৰ্চাত আছে ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড (DU Ragging Case) ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতে ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ উচিত তদন্তৰ বাবে এখন কমিটী গঠন কৰা হৈছিল (Anti ragging commitee of Dibrugarh University) । শুকুৰবাৰে নিশা এই কমিটীৰ ওচৰত ভাষ্য প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকাই (VC of DU giving statement on ragging) । তদন্ত কমিটীক সকলো স্বাধীনতা দিয়া হৈছে তদন্ত কৰিবলৈ, তাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হস্তক্ষেপ নকৰে বুলিও কয় উপাচাৰ্য জিতেন হাজৰিকাই । উল্লেখ্য যে, শুকুৰবাৰে দিনৰ ভাগত এজন অভিযুক্ত ছাত্ৰৰো ভাষ্য গ্ৰহণ কৰে এন্টি ৰেগিং সমিতিয়ে । আজি অৰ্থাৎ শনিবাৰে আন পাঁচজন অভিযুক্ত ছাত্ৰৰো ভাষ্য গ্ৰহণ কৰিব কমিটীখনে । ইফালে কাৰাগাৰত ন্যায়িক জিম্মাত থকা ছাত্ৰকেইজনৰ ভাষ্য গ্ৰহণৰ বাবে বৰ্তমানেও অনুমতি পোৱা নাই ।
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.