Flood in Majuli : ভদীয়া বানৰ কবলত মাজুলীৰ নৈ পৰিয়া অঞ্চল; বানৰ বাবে বন্ধ বিদ্যালয় - বানৰ বাবে বন্ধ বিদ্যালয়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-08-2023/640-480-19375723-thumbnail-16x9-majuliiiii.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 28, 2023, 3:49 PM IST
|Updated : Aug 28, 2023, 6:19 PM IST
মাজুলী, 28 আগষ্ট : সমগ্ৰ ৰাজ্যৰ লগতে ভদীয়া বানৰ কবলত পৰিছে মাজুলীৰ নৈ পৰিয়া অঞ্চল । বিগত কেবাদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে মাজুলীৰ নৈপৰীয়া অঞ্চলসমূহ । ব্ৰহ্মপুত্ৰ নদীৰ পানী বৃদ্ধি পোৱাৰ বাবে দেওবাৰৰ পৰা বন্ধ হৈ আছে মাজুলী-নিমাতী ফেৰী সেৱা ।
ভদীয়া বানৰ বাবেই এতিয়া মাজুলীৰ নৈপৰীয়া অঞ্চলৰ কুৰিখনতকৈ অধিক বিদ্যালয় বন্ধ হৈ পৰিছে । সোমবাৰে পুৱাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততেই মাজুলীৰ বহু অঞ্চল এতিয়া ডুব গৈছে পানীৰ তলত ৷ মাজুলীৰ একাংশ শিক্ষাৰ্থীয়ে নাৱেৰে বিদ্যালয়লৈ গৈছে যদিও বিদ্যালয়সমূহ বানত ডুব যোৱাত পুনৰ ঘৰলৈ উভতি যাব লগাত পৰিছে ।
লগতে পঢ়ক : Flood in Lakhimpur: 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে পানী; জাল পল লৈ মাছ ধৰাত ব্যস্ত ৰাইজ