যোৰহাট কো-অপাৰেটিভ বেংকত উদ্ভণ্ডালি, প্ৰাপ্য ধন বিচাৰি মূৰে কপালে হাত দিলে গ্ৰাহকে - যোৰহাট কো অপাৰেটিভ বেংক
🎬 Watch Now: Feature Video
Published : Jan 12, 2024, 9:38 AM IST
যোৰহাট, 12 জানুৱাৰী : যোৰহাট কো-অপাৰেটিভ বেংকত সংঘটিত হৈছে আজৱ কাণ্ড ৷ গ্ৰাহকে প্ৰাপ্য ধন বিচাৰি বেংকলৈ বছৰ বছৰে যায় হে যায়, কিন্তু উভতাই নাপায় জমা কৰা ধন ৷ আজি দিম কালি দিম কৰি গ্ৰাহকক চৰম প্ৰতাৰণা কৰিছে কো-অপাৰেটিভ বেংকটোৰ বিষয়া কৰ্মচাৰীয়ে ৷
উল্লেখ্য যে, যোৰহাটৰ পুৰণা আৱৰ্ত ভৱন পথত অৱস্থিত কো-অপাৰেটিভ নামৰ বেংকটোত দিন হাজিৰা কৰাকে আদি কৰি বিভিন্ন বৃত্তিত নিয়োজিত লোকসকলে কষ্টোপাৰ্জিত ধন বেংকটোত জমা কৰি ৰাখিছিল। তাৰ পিচতে গ্ৰাহকে ধন বিচাৰি গ’লে ওলোটাই বেংক কৰ্তৃপক্ষই গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷
ইয়াৰ পিচতে কষ্টোপাৰ্জিত ধন নাপায় গ্ৰাহকসকলে শুকুৰবাৰে বেংকটোত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । ইফালে হেঁপাহৰ ভোগালী বিহুলৈ মাজতে দুটা দিন ৷ এনে সময়ত বেংকত জমা ৰখা ধন নাপায় গ্ৰাহকসকলে বিহু কেনেদৰে পালন কৰিম বুলি প্ৰশ্ন উত্থাপন কৰিছে ৷
লগতে পঢ়ক: গুৱাহাটীৰ বিপণন ক্ষেত্ৰতো ভোগালী মেলাৰ আয়োজন