Valentine’s Day 2023: মহানগৰীত উদযাপন ভেলেণ্টাইনছ ডে’, চাহিদা বৃদ্ধি গোলাপৰ - মহানগৰীত উদযাপন ভেলেণ্টাইনছ ডে
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-17752970-thumbnail-4x3-hdf.jpg)
গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী: আজি ভেলেণ্টাইনছ ডে’ । ভেলেণ্টাইনছ ডে’ প্ৰেমৰ নামত উদযাপিত এটা বিশেষ দিন (Happy Valentine’s Day 2023) । সমগ্ৰ বিশ্বতে ১৪ ফেব্ৰুৱাৰীৰ এই বিশেষ দিনটো উদযাপন কৰা হয় প্ৰেমৰ নামত । আজিৰ দিনটোতে প্ৰেমিক যুগলে ইজনে আনজনক জনায় শুভকামনা । প্ৰিয়জনক দিয়ে পছন্দৰ উপহাৰ । দেশ তথা ৰাজ্যজুৰী আজি উদযাপন কৰা হৈছে প্ৰেমৰ এই বিশেষ দিনটো ৷ এই ক্ষেত্ৰত ব্যতিক্ৰম নহয়, গুৱাহাটী মহানগৰী ৷
আজি গুৱাহাটী মহানগৰীতো উযাপন কৰা হৈছে ভেলেণ্টাইনছ ডে’ (Valentine’s Day celebrates in Guwahati)। সজাই পৰাই তোলা হৈছে ৰেষ্টুৰেন্ট, কেফে, পাৰ্ক আৰু শ্বপিংমলসমূহ । ভেলেণ্টাইনছ ডে’ উপলক্ষে মহানগৰীত বিৰাজ কৰিছে এক উৎসৱ মুখৰ পৰিৱেশ । মহানগৰীৰ নেহৰু পাৰ্কখন সম্প্ৰতি বন্ধ হৈ আছে ৷ কাৰণ পুনৰ নিৰ্মাণৰ কাম চলি আছে পাৰ্কখনত ৷ নেহৰু পাৰ্কখন বন্ধ হৈ আছে যদিও দীঘলী পুখুৰীৰ পাৰ, শ্ৰদ্ধাঞ্জলি কানন, অমৃত উদ্যান, অসম ৰাজ্যিক চিৰিয়াখানত যুৱক-যুৱতীসকলে নিজৰ নিজৰ প্ৰিয়জনৰ লগত গৈ সময় অতিবাহিত কৰা পৰিলক্ষিত হৈছে ।
আনহাতে, ভেলেণ্টাইনছ ডে’ক কেন্দ্ৰ কৰি বিশেষকৈ ৰঙা গোলাপ ফুলৰ চাহিদা বজাৰত বৃদ্ধি পাইছে (Valentine’s Day) । কিয়নো সকলোৱে আজিৰ দিনটোত নিজৰ নিজৰ প্ৰিয়জনক এপাহি ৰঙা গোলাপ উপহাৰ দিবলৈ বজাৰৰ পৰা ক্ৰয় কৰিছে ৰঙা গোলাপ । যাৰ বাবে আজিৰ দিনটোত গোলাপৰ মূল্য বৃদ্ধি পাইছে । ২০-৩০ টকালৈ বিক্ৰী হৈছে প্ৰতিটো গোলাপ (Roses demand on Valentines day) ।
ফাচী বজাৰস্থিত ফুল বজাৰৰ এগৰাকী বিক্ৰেতাই জনোৱা মতে, ভেলেণ্টাইনছ ডে’ উপলক্ষে আজিৰ দিনটোত ৰঙা গোলাপ ফুল অধিক বিক্ৰী হৈছে । বেংগালুৰু আৰু কলকাতাৰ পৰা আহিছে গোলাপ ফুল । কলকাতাৰ পৰা অহা প্ৰতিটো গোলাপৰ দাম ২০ টকাকৈ আৰু বেংগালুৰুৰ পৰা অহা প্ৰতিটো গোলাপ ৩০ টকাকৈ বিক্ৰী হৈছে । আজিৰ দিনটোত গোলাপৰ মূল্য পূৰ্বতকৈ ১০ টকা বৃদ্ধি পাইছে (Increased demand for roses in the occasion of Valentine)।
বিক্ৰেতাগৰাকীয়ে লগতে জনোৱা মতে আজিৰ এই বিশেষ দিনটোৰ বাবে তেওঁ ৩ হাজাৰ ৰঙা গোলাপ ফুল আনিছে । দুপৰীয়া দুই বজালৈ ২ হাজাৰ বিক্ৰী হোৱা বুলি জনালে ব্যৱসায়ীজনে । আনহাতে পানবজাৰৰ ফুলৰ শ্ব’ৰূমৰ ব্যৱসায়ীয়ে জনোৱা মতে, ফুলৰ লগতে উপহাৰো ৰখা হৈছে । কিন্তু গোলাপ ফুল আৰু ফুলৰ বুকে অধিক বিক্ৰী হৈছে এই বিশেষ দিনটোত । আজিৰ দিনটোৰ বাবে প্ৰায় ৪-৫ হাজাৰ গোলাপ ফুল আহিছে । ৩০ টকাকৈ প্ৰতিটো গোলাপ বিক্ৰী হোৱাৰ লগতে ফুলৰ বুকে ৩০০-২০০০ টকা পৰ্যন্ত বিক্ৰী হৈছে ।