Paddy fields during Autumn: ইউপিপিএলৰ কৰ্মীসকলে সোণগুটি চপোৱাত সহায় কৰিলে বহু পৰিয়ালক - সোণোৱালী হৈছে আঘোণৰ পথাৰখন
🎬 Watch Now: Feature Video
আঘোণ । আঘোণ মানেই কৃষকৰ আশা, লখিমীক ভঁড়াললৈ আদৰাৰ সুমধুৰ ক্ষণ, গাঁৱৰ কৃষিজীৱী ৰাইজৰ বাবে এক ব্যস্ততাপূৰ্ণ মাহ । এতিয়া সোণোৱালী হৈছে আঘোণৰ পথাৰখন (Paddy fields during Autumn)। এনে সময়তে কৃষিজীৱী ৰাইজক সহায়ৰ অৰ্থে আগবাঢ়ি আহিছে ইউপিপিএল দলৰ একাংশ সদস্য ৷ বাক্সা জিলাৰ মুছলপুৰত ইউপিপিএল দলৰ কৰ্মীসকল একত্ৰিত হৈ সোণগুটি চপোৱাত সহায় কৰিলে বহু পৰিয়ালক (UPPL workers helped villagers in harvesting paddy) ৷ এই কথা জানিবলৈ দিয়ে বিটিএডিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৷ কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে 'সুবুঙ চম্পৰ্ক' আঁচনিৰ জৰিয়তে দলটোৱে ৰাইজৰ মাজলৈ গৈ অভাৱসমূহ সমাধানৰ চেষ্টা কৰিব৷ এই আঁচনিৰ জৰিয়তে দলে গাঁৱৰ যি সকলৰ ঘৰত ধান কাটিবলৈ আছে তেওঁলোকৰ ঘৰত গৈ ধান কাটি কিছু হলেও সহায় কৰাৰ চেষ্টা কৰিব ৷
Last Updated : Feb 3, 2023, 8:33 PM IST