Upcoming Assamese film raghav:মুকলি কৰা হ’ল ৰাঘৱ ছবিখনৰ মা অ মা শীৰ্ষক গীতটিৰ ভিডিঅ’

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 8:36 PM IST

গুৱাহাটী, ২৯ ছেপ্টেম্বৰ : ২৭ অক্টোবৰত ছবিগৃহলৈ আহিব যতীন বৰাৰ বহুচৰ্চিত ছবি ৰাঘৱ । JB প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হোৱা ছবিখনক লৈ অপেক্ষা ৰাইজৰ । শুকুৰবাৰে মহানগৰীৰ চাৰ্ভেস্থিত প্ৰমোদ তালুকদাৰ সোঁৱৰণি বৃদ্ধাবাসত ছবিখনৰ ‘মা অ' মা’ শীৰ্ষক গীতটিৰ ভিডিঅ’ মুকলি কৰা হয় । গীতটিত কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু শান্তা উজীৰে । গীতটিৰ কথা দিগন্ত ভাৰতীৰ ।

গীতটিৰ ভিডিঅ’ মুকলি অনুষ্ঠানত উপস্থিত থাকে পৰিচালক তথা অভিনেতা যতীন বৰা, ছবিখনৰ প্ৰযোজিকা নৱনীতা শৰ্মা বৰা, অভিনেত্ৰী নিশিতা গোস্বামী, মৃদুলা বৰুৱাকে ধৰি ছবিখনৰ বহুকেইগৰাকী কলা-কুশলী ।

ছবিখনৰ গীতটোৰ ভিডিঅ’ মুকলি কৰি যতীন বৰাই কয় যে গীতটোৰ অডিঅ’ ইতিমধ্যে মুকলি কৰা হৈছে । ৰাইজে গীতটো যেনেকৈ আদৰি লৈছে তেনেকৈ ভিডিঅ’টিও আদৰি ল’ব বুলি আশাবাদী তেওঁ। লগতে অসমৰ ছবিত পোন প্ৰথমবাৰৰ বাবে অত্যাধুনিক De Ageing কৌশল ব্যৱহাৰ কৰা হৈছে বুলি ব্যক্ত কৰে ।

লগতে পঢ়ক : New song released: নতুন অসমীয়া ছবি ৰাঘৱৰ নতুন গীত মুকলি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.