নিযুক্তি লাভ কৰিবলৈ ভুৱা প্ৰমাণ-পত্ৰ দাখিল কৰি জালত পৰিল যুৱক

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 7:02 PM IST

thumbnail

গুৱাহাটী,২১ নৱেম্বৰ: অসমৰ স্থায়ী বাসিন্দাৰ ভুৱা প্ৰমাণ-পত্ৰ দেখুৱাই CISF ৰ কনিষ্টবল পদৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হৈ নিযুক্তি লাভৰ চেষ্টা কৰা উত্তৰ প্ৰদেশৰ এজন যুৱকক আটক কৰে মহানগৰ আৰক্ষীয়ে । মহানগৰীৰ নুনমাটিৰ চেক্টৰ-২ ৰ খেলপথাৰত কনিষ্টবল পদৰ বাবে অনুস্থিত হোৱা শাৰীৰিক পৰীক্ষাত কাৰ্বি-আংলঙৰ বাসিন্দা বুলি ভুৱা প্ৰমাণ-পত্ৰ দেখুৱাইছিল যুৱকজনে । কিন্তু যুৱকজনৰ নথি-পত্ৰ পৰীক্ষা কৰাত ওলাই পৰে জোলোঙাৰ মেকুৰী । উত্তৰ প্ৰদেশৰ যুৱকজনৰ নথি-পত্ৰসমূহ CISF ৰ কৰ্তৃপক্ষই ভুৱা বুলি ধৰা পেলোৱাৰ পিছত নুনমাটি আৰক্ষীক গতাই দিয়ে ।  

ধৃত যুৱকজন উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ অগ্ৰসেন সিং চৌহান বুলি জানিব পৰা গৈছে । উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ অগ্ৰসেন সিং চৌহানে নুনমাটি চেক্টৰ ২ ৰ খেলপথাৰত আয়োজন কৰা CISF ৰ জোৱানৰ বাচনি পৰীক্ষাত অৱতীৰ্ণ হয় । বাছনি পৰীক্ষাত CISF ৰ কৰ্তৃপক্ষই অগ্ৰসেন সিং চৌহানৰ নথি-পত্ৰসমূহ পৰীক্ষা কৰাত ভুৱা বুলি চিনাক্ত কৰে । আচলতে অগ্ৰসেন সিং চৌহানে কাৰ্বি আংলঙৰ পৰা স্থায়ী বাসিন্দাৰ ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰি CISF ৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল । পিছত ঘটনা সন্দৰ্ভত CISF কৰ্তৃপক্ষই নুনমাটি আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক: ভয়ংকৰ পথ দুৰ্ঘটনা, এজন থিতাতে নিহত

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.