thumbnail

By

Published : Apr 23, 2023, 9:54 PM IST

ETV Bharat / Videos

Body recovered in Nalbari: নলবাৰীৰ সন্ধাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

নলবাৰী, ২৩ এপ্রিল: নলবাৰী জিলাৰ সন্ধা ৰে'ল গেটৰ সমীপত দেওবাৰে উদ্ধাৰ হয় এজন অচিনাকী লোকৰ মৃতদেহ । সন্ধাৰ ৰে'ল গেটৰ সমীপৰ পুখুৰী এটাত ওপঙি থকা অৱস্থাত স্থানীয় এজন লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো । লগে লগে লোকজনে ওচৰ চুবুৰীয়াক ঘটনাটো অৱগত কৰে । ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিচতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় (Body recovered in Nalbari)।  

পিচত স্থানীয় লোকে নলবাৰী সদৰ আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ৰে'ল পথৰ কাষেৰে পাৰ হোৱা নলবাৰী সন্ধাৰ ব্যস্ত পথচোৱাৰ কাষত এনেদৰে দিনৰ পোহৰতে মৃতদেহ উদ্ধাৰ হোৱাক লৈ স্থানীয় লোকসকল চিন্তিত হৈ পৰে । এয়া হত্যা নে আত্মহত্যা সেয়া মৰোণোত্তৰ পৰীক্ষাৰ পিচতহে পোহৰলৈ আহিব (Body recovered at Sondha)।

লগতে পঢ়ক:Amritpal Singh viral video: আত্মসৰ্মপণৰ পূৰ্বে শিখ যুৱ প্ৰজন্মক উদ্দ্যেশি কি ক’লে অমৃতপাল সিঙে ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.