Mangaldoi unknown disease news: অচিন ৰোগত আক্ৰান্ত হৈছে মঙলদৈৰ আলাগঝাৰী গাঁৱৰ শিশুসকল

By

Published : Apr 4, 2023, 7:00 PM IST

thumbnail

মঙলদৈ, 4 এপ্ৰিল : মঙলদৈৰ আলাগঝাৰী গাঁওবাসীৰ মাজত দেখা দিছে তীব্ৰ শংকাই ৷ গাঁওখনৰ শিশুসকল অচিন ৰোগত আক্ৰান্ত হৈছে ৷ শংকিত হৈ পৰিছে গাঁওবাসী ৷ মঙলদৈৰ আলাগঝাৰী গাঁৱৰ ৮-৯ টাকৈ শিশুৰ দেহত দেখা দিছে এক অচিন ৰোগে (Mangaldoi unknown disease news) । চিকিৎসকৰ দল উপস্থিত হৈছে যদিও বিশেষ ফল লাভ কৰা নাই গাঁওবাসীয়ে । শীঘ্ৰেই উন্নত চিকিৎসকৰ দলে সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰাটো বিচাৰিছে গাঁওবাসীয়ে ।

মঙলদৈৰ এখন বিশেষ গাঁও, আলাগঝাৰী গাঁও । গাঁওখনৰ অন্তৰ্গত গৰণীয়া পাৰা অঞ্চলটোত এতিয়া বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই । কাৰণ এই অঞ্চলটোৰ ১০ বছৰৰ তলৰ শিশুৰ মাজত দেখা দিছে এক অচিন ৰোগে (unknown disease found among children) । আক্ৰান্ত প্ৰায় প্ৰতিগৰাকী শিশুৰে ৰোগৰ লক্ষণ হৈছে প্ৰথমতে জ্বৰ, জ্বৰৰ পিছত শৌচ ক’লা হয় আৰু লগে লগে তেজ ওলাই ৷ আচৰিত যে, মুখ-চকুৰেও তেজ ওলোৱা বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷ ইয়াৰ পিচত অতিকৈ দুৰ্বল হৈ পৰে শিশুসকল । এইক্ষেত্ৰত জলজলি প্ৰাথমিক স্বাস্থ্য খণ্ডই চিকিৎসা আৰম্ভ কৰিছে যদিও বিশেষ সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

ইতিমধ্যে আক্ৰান্ত শিশু কেইটাক GMCH ত ভৰ্তি কৰোৱা হৈছে । GMCH ত চিকিৎসা আৰম্ভ কৰিছে যদিও ৰোগবিধ কি আৰু ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি সেই বিষয়ে জ্ঞাত নোহোৱাত সমস্যাত পৰিছে গাঁওবাসী (unknown disease at Mangaldoi)। শীঘ্ৰে চিকিৎসকৰ এটা উচ্চ পৰ্যায়ৰ দল উপস্থিত হৈ বেমাৰটো পৰ্যবেক্ষণ কৰাৰ বাবে অনুৰোধ জনাইছে লোকসকলে (Unknown disease) ।

লগতে পঢ়ক : Karishma Nath programme in Nagaon: অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে আৰক্ষী থানাত কৰিশ্মাৰ গোচৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.