National Unity Day : ধেমাজিত একতা দিৱসৰ উপলক্ষে ইউনিটি পেৰেড

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 2:33 PM IST

thumbnail

ধেমাজি, 31 অক্টোবৰ : আজি ৰাষ্ট্ৰীয় একতা দিৱস। সমগ্ৰ দেশৰ লগতে ধেমাজিতো ধেমাজি জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু 22 নংঅসম আৰক্ষী লিকাবালিস্থ বেটেলিয়নৰ সহযোগত ধেমাজি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত একতা দিৱস উদযাপন কৰে ৷ তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দিনত ভাৰতৰ উপ-প্ৰধানমন্ত্ৰী হিচাপে চৰ্দাৰ বল্লভ ভাই পেটেলৰ কুটনৈতিক দক্ষতা আৰু নেতৃত্বৰ বাবেই দেশৰ ভু-খণ্ডৰ অখণ্ডতা ৰক্ষা পৰিছিল ৷ 

সেয়েহে এইগৰাকী মহান ব্যক্তিৰ জন্ম জয়ন্তীত দেশবাসীৰ লগতে ধেমাজি আৰক্ষী প্ৰশাসনেও সুঁৱৰে চৰ্দাৰ বল্লভ ভাই পেটেলক ৷ এই দিৱসৰ লগত সংগতি ৰাখি ধেমাজি আৰক্ষীয়ে ধেমাজি নগৰত ইউনিটি পেৰেড উলিয়াই ৷ এই পেৰেড চাবলৈ ৰাজপথত সহস্ৰাধিক লোকে ভিৰ কৰেহি ৷ ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দিৱসৰ শুভাৰম্ভ কৰিছিল।

লগতে পঢ়ক: National Unity Day : অসম আৰক্ষীৰ উদ্যোগত মহানগৰীত পালন ৰাষ্ট্ৰীয় একতা দিৱস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.