Extorted money from worker: তথাকথিত জাতীয় সংগঠনৰ নিকৃষ্ট কৰ্মকাণ্ড: ভুক্তভোগীয়ে যোৰহাট সদৰ থানাত তৰিলে গোচৰ - যোৰহাট সদৰ থানা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 7:38 PM IST

যোৰহাট, ১২ ছেপ্টেম্বৰ: সন্মিলিত খিলঞ্জীয়া পৰিষদ অসম নামৰ তথাকথিত সংগঠনটোৱে যোৰহাটত কাৰ্যালয় মুকলি কৰা নামত এজন শ্ৰমিকৰ পৰা ধন দাবী কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ সন্মিলিত খিলঞ্জীয়া পৰিষদৰ কেইজনমান সদস্যই জোন হাজৰিকাৰ বাসগৃহত পকা মিস্ত্ৰী হিচাপে কাম কৰি পৰিয়াল পোহপাল দিয়া নাছিৰ আলীক সংগঠন চলাবলৈ ধন দাবী কৰে ৷ প্ৰথম অৱস্থাত তথাকথিত সংগঠনটোৱে নাছিৰ আলীক ৭০০০ হাজাৰ টকা বিচাৰি ৰচিদ প্ৰদান কৰে ৷ 

নাছিৰ আলীয়ে উক্ত পৰিমাণ ধন দিবলৈ অসমৰ্থ হোৱাত সন্মিলিত খিলঞ্জীয়া পৰিষদৰ সদস্যকেইজনে পাচত তেওঁৰ পৰা ১২০০টকা সংগ্ৰহ কৰে ৷ মিস্ত্ৰী হিচাপে কাম কৰা নাছিৰ আলীয়ে প্ৰথম অৱস্থাত ধন দিবলৈ অসমৰ্থতা প্ৰকাশ কৰা বাবে তথাকথিত সংগঠনটোৰ সদস্যকেইজনে বিভিন্ন ভয়-ভাবুকি দেখুওৱাৰ অভিযোগ উথাপিত হৈছে ।

ইতিমধ্যে খিলঞ্জীয়া পৰিষদ অসম নামৰ তথাকথিত সংগঠনটোৰ সদস্যকেইজনৰ বিৰুদ্ধে নাছিৰ আলীয়ে জোন হাজৰিকাৰ সহযোগত যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে । এনেদৰে বিভিন্নজন ব্যক্তিক সংগঠন চলাবলৈ ধন দাবী কৰাৰ বাবে তথাকথিত সংগঠনৰ নেতাকেইজনে যোৰহাট জিলাখনত পিয়াপি দি থকাৰ অভিযোগ উঠিছে ।

লগতে পঢ়ক: Lifetime imprisonment to pocso accused : শিশু নিৰ্যাতনকাৰীক যাৱজ্জীৱন কাৰাদণ্ড যোৰহাট জিলা বিশেষ আদালতৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.