Sarbananda Sonowal inspects flood erosion:বান-গৰাখহনীয়া পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে - বিন্ধাকটা মথাউৰি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 15, 2023, 8:44 PM IST

ডিব্ৰুগড়, 15 জুলাই : চাবুৱাৰ বিন্ধাকটাত উপস্থিত হৈ বান-গৰাখহনীয়া পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বানৰ সংহাৰী ৰূপ । নেৰানেপেৰা বৰষুণৰ পাচত ফেনে ফুটুকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰ, বুঢ়ীদিহিঙকে ধৰি সকলো নদী- উপনদী ।

শনিবাৰে বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে চাবুৱাৰ বিন্ধাকটাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । চাবুৱাৰ বিন্ধাকটা নেপালী গেৰেকী অঞ্চলৰ বান-গৰাখহনীয়া পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । উক্ত অঞ্চলটোত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে কৰি থকা প্ৰতিৰোধৰ কামো পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

বান-গৰাখহনীয়াৰ পৰিস্থিতি বুজ লৈ সৰ্বানন্দ সোণোৱালে কয়, ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত বিন্ধাকটা মথাউৰি নিৰ্মাণৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ কাম ভালদৰে কৰি আছে । এই ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে পূৰ্ণ সহযোগিতা আগবঢ়াইছে বুলিও কয় সোণোৱালে । লগতে অন্য ঠাই সমূহতো যি গৰাখহনীয়া সৃষ্টি হৈছে তাৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবেও ৰাজ্য চৰকাৰে পৰিকল্পনা কৰা বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়ক : Erosion in Bongaigaon : মানাহ নদীৰ খহনীয়াত জাহ গৈছে হাজাৰ হাজাৰ কৃষিভূমি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.