thumbnail

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 10:54 PM IST

ETV Bharat / Videos

মাজুলীৰ ৰাসত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল; অসমবাসীলৈ ৰাসৰ শুভেচ্ছা

মাজুলী, ২৬ নৱেম্বৰ : ভক্তি ৰসত বুৰ গৈছে সত্ৰ নগৰী মাজুলী । কিয়নো দেওবাৰৰ পৰা আৰম্ভ হৈছে মাজুলীৰ গৌৰৱপূৰ্ণ ৰাস মহোৎসৱ । এই ৰাস মহোৎসৱক লৈ এতিয়া উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে সত্ৰ নগৰী মাজুলীত । এক কথাত ক'বলৈ গ'লে যেন দ্বিতীয় বৃন্দাবনলৈ পৰ্যৱসিত হৈছে সত্ৰ নগৰী মাজুলী । মাজুলীৰ ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰত ৩৫০ বছৰীয়া গৌৰৱোজ্জ্বল ৰাস মহোৎসৱ আয়োজন কৰা হৈছে । 

ফলত ঐতিহাসিক সত্ৰখনত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । আনহাতে, সত্ৰখনত ৰাস উপভোগৰ বাবে দেওবাৰে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে ৰামেশ্বৰ তেলীও । ৰাস উপলক্ষে সকলোকে শুভেচ্ছা জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

উল্লেখ্য যে দেওবাৰে হৈছে পবিত্ৰ ৰাস পূৰ্ণিমা ৷ এই উপলক্ষে দ্বিতীয় বৃন্দাবনলৈ পৰিণত হৈছে সত্ৰপীঠ মাজুলী ৷ মাজুলীৰ ১২ খনকৈ সত্ৰ আৰু অৰ্ধশতাধিক ৰংগমঞ্চত অনুষ্ঠিত হৈছে এইবাৰ ৰাস মহোৎসৱ । আনহাতে, ৰাস মহোৎসৱৰ বাবে মাজুলীত ভিৰ কৰিছেহি দেশী-বিদেশী পৰ্যটকে । মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰতো ৰাসোৎসৱ উপলক্ষে পৰিলক্ষিত হৈছে উখল-মাখল পৰিৱেশ ৷ পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ঐতিহাসিক সত্ৰখনত এইবছৰো আধ্যাত্মিক পৰম্পৰাৰে অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ ।

লগতে পঢ়ক: মাজুলীৰ ৰাসোৎসৱে হাত বাউল দি মাতিছে, দক্ষিণপাট সত্ৰত পৰ্যটকৰ ভিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.