Project Review in Darrang District : দৰঙৰ উন্নয়নমূলক প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা কেন্দ্ৰীয় মন্ত্ৰী পংকজ চৌধুৰীৰ

By

Published : Feb 22, 2023, 6:23 PM IST

thumbnail

দৰং, ২২ ফেব্ৰুৱাৰী : বুধবাৰে দৰং জিলাৰ আকাংক্ষিত জিলা পৰ্যালোচনা আৰু উন্নয়নৰ বাবে জিলাখনত উপস্থিত হয় কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী (Union Finance Minister of State Pankaj Chaudhary) । দৰং জিলাত পদাৰ্পণ কৰি তেওঁ প্ৰথমে দৰং জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক বৈঠকত মিলিত হয় । তাত দৰং জিলাৰ আকাংক্ষিত জিলা প্ৰকল্পবোৰৰ ওপৰত পৰ্যালোচনা কৰে (Review on aspirational projects in Darrang district) ।

উল্লেখ্য যে, এই বৈঠকত আকাংক্ষিত জিলা প্ৰকল্পৰ অধীনত চলি থকা উন্নয়নমূলক কাৰ্যসমূহৰ বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয় । উক্ত পৰ্যালোচনা বৈঠকত সংশ্লিষ্ট আঁচনিবোৰৰ ৰূপায়ণৰ গতি অধিক ক্ষিপ্ৰ কৰাৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে । আনহাতে, মন্ত্ৰীগৰাকীয়ে অংগনাৱাড়ী কেন্দ্ৰসমুহৰ আন্তঃগাঁথনি তথা আন দিশসমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিবলৈ আহ্বান জনায় । 

লগতে তেওঁ দিব্যাংগ লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে ব্যাখ্যা কৰি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে জনসাধাৰণৰ বাবে আগবঢ়োৱা আঁচনিসমূহৰ বিষয়েও উল্লেখ কৰে (Union minister Pankaj Choudhry visited Darrang) । আকাংক্ষিত জিলা প্রকল্পৰ সময় সাপেক্ষ ৰূপায়ণৰ ফলত জিলাখন বহু ক্ষেত্ৰত নতুন আশাৰ সৃষ্টি হোৱা বুলি তেওঁ উল্লেখ কৰে । 

উল্লেখযোগ্য যে, ভাৰত চৰকাৰৰ এই আকাংক্ষিত জিলা প্ৰকল্পৰ দ্বাৰা দেশৰ পিচপৰি থকা জিলাসমূহৰ সামগ্রিক উন্নয়নৰ পথ সুচল কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে । ইয়াৰ অধীনত জিলাসমূহৰ মাজত প্রতিযোগিতামূলক মনোভাবৰ জৰিয়তে ৫ টা অর্থ-সামাজিক ক্ষেত্ৰ যেনে স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু জল সম্পদ, অর্থনৈতিক অন্তৰ্ভুক্তি আৰু কৌশল বিকাশ আদি বিষয়ত উন্নয়নৰ ওপৰত আলোচনা কৰে ।

বুধবাৰৰ এই পৰ্যালোচনা সভাখনত ছিপাঝাৰৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী, দৰং জিলাৰ উপায়ুক্ত মুনিন্দ সিং ঙাটে, জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকা প্ৰমুখ্যে বিভিন্ন বিভাগৰ জিলা মুৰব্বীসকল উপস্থিত থাকে । পিচত তেওঁ মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত মোৱামাৰী মধ্য ইংৰাজী বিদ্যালয়লৈ গৈ আন্তঃগাঁথনি পৰিদৰ্শন কৰে ।

লগতে পঢ়ক :Moyamoya Disease : অসমত বৃদ্ধি ময়া ময়া ৰোগত আক্ৰান্তৰ সংখ্যা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.