thumbnail

By

Published : Nov 12, 2022, 6:21 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

ETV Bharat / Videos

Body found at Rangapara: ৰঙাপৰাৰ বৰজুলি চাহ বাগিচাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

শোণিতপুৰ জিলাৰ ৰঙাপৰাত শনিবাৰে উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ (Unidentified Body found at Rangapara)। চিপ লাগি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় (Man hangs at Rangapara)। মৃতদেহটোৰ মুখমণ্ডল গেলি যোৱাৰ লগতে পোকে আগুৰি ধৰাৰ ফলত আৰক্ষীয়ে বৰ্তমানেও কৰিব পৰা নাই চিনাক্ত । এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰজুলি চাহ বাগিচা এলেকাৰ ৰঙাপৰা শাখাত । চাহপাত চিঙিবলৈ যোৱাৰ সময়ত হঠাৎ মহিলা শ্ৰমিকসকলে মৃতদেহটো প্ৰত্যক্ষ কৰি ৰঙাপৰা আৰক্ষী থানাত(Rangapara police station) অৱগত কৰে । ইফালে ঘটনাস্থলীত দণ্ডাধীশ অদিতি গগৈৰ উপস্থিতিত ৰঙাপৰা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ যায় । মন কৰিবলগীয়া যে ৰঙাপৰা চাহ বাগিচাত কিছুদিন পূৰ্বেও এগৰাকী অচিনাক্ত মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হৈছিল ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.