thumbnail

By

Published : Jul 10, 2023, 7:18 PM IST

Updated : Jul 10, 2023, 7:59 PM IST

ETV Bharat / Videos

ULFA(I) Demands Extortion Money : ধনদাবী পত্ৰক লৈ উজনি অসমত খলকনি

ডিব্ৰুগড়,10 জুলাই: পুনৰ উজনি অসমত শক্তি বৃদ্ধি পাইছে নেকি আলফা স্বাধীনৰ ! কাৰণ উজনি অসমত পুনৰ সক্ৰিয় হৈ উঠিছে আলফা স্বাধীন। ৰাজ্য চৰকাৰে আলফা স্বাধীনক আলোচনাৰ মেজলৈ আমন্ত্ৰণ কৰি থকা সময়ত পুনৰ ধন সংগ্ৰহত ব্যস্ত হৈছে আলফা (স্বাধীন) । এইবাৰ চৰাইদেউ জিলাৰ সোণাৰিৰ টিমন চাহ বাগিচাৰ কৰ্তৃপক্ষক আলফাৰ ধনদাবী পত্ৰ ৷ অমৃত জৈন মালিকাধীন টিমন বাগিচালৈ আলফাই প্ৰেৰণা কৰা ধনদাবী পত্ৰক লৈ আতংকিত হৈ পৰিছে টিমন চাহ বাগিচাৰ কৰ্তৃপক্ষ। নয়ন অসমৰ স্বাক্ষৰিত ধনদাবী পত্ৰ পোৱাৰ পাচতে স্থবিৰ হৈ পৰিছে বাগিচাৰ কাম কাজ ৷ 

বিশেষ সূত্ৰ পৰা জানিব পৰা অনুসৰি নয়ন অসম নামেৰে স্বাক্ষৰিত ধনদাবী পত্ৰত আলফা (স্বাধীন) এ ৭২ লাখ টকাৰ ধনদাবী কৰিছে টিমন চাহ বাগিচাৰ কৰ্তৃপক্ষক ৷ এসপ্তাহৰ পূৰ্বে বাগিচাৰ মালিকলৈ এই পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । আনহাতে আন এক সুত্ৰ মতে, অমৃত জৈন মালিকাধীন টিমন চাহ বাগিচাৰ কৰ্তৃপক্ষই প্ৰতিবছৰে ১২ লাখ টকাকৈ আলফা(স্বাধীন)ক ধন দি আহিছিল । কিন্তু বিগত ৬ বছৰ ধৰি ধন দিয়া নাছিল। যাৰ বাবে ৬ বছৰৰ ৭২ লাখ টকা ধন দিবলৈ পত্ৰ প্ৰেৰণ কৰিছে আলফা (স্বাধীন) এ, এই সন্দেহ প্ৰকাশ কৰিছে বাগিচাৰ কৰ্তৃপক্ষই ।

আলফা (স্বা)ৰ ধনদাবী পত্ৰক লৈ আতংকিত হোৱাৰ সময়তে আৰক্ষীৰ আহ্বান ‘‘ তেওঁলোকে ভয়ৰ কোনো কাৰণ নাই ৷ চৰাইদেউ আৰক্ষী সষ্টম ৷ অচিৰেই জালত পৰিব দুৰ্বৃত্ত ৷  ধনদাবী পত্ৰৰ জৰিয়তে ভয় খুৱাব বিচাৰিছে দুৰ্বৃত্তই ৷’’ আনহাতে পত্ৰখন আলফা(স্বা)ই প্ৰেৰণ কৰা ধনদাবী পত্ৰ হয় নে নহয় তাক নিশ্চিত কৰা নাই আৰক্ষীয়ে ৷ আলফা (স্বা)ৰ প্ৰসংগত আৰক্ষীয়ে কয় ‘‘মাজে মাজে আলফা (স্বা)ই তেওঁলোকৰ অস্তিত্ব দেখুৱাবলৈহে এনে কিছু কাম কৰে ৷’

লগতে পঢ়ক:Public Protest at Lahowal: পুৰুষ আৰক্ষীয়ে মহিলা প্ৰতিবাদকাৰীৰ গাত হাত দিয়া অভিযোগক অস্বীকাৰ ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ

Last Updated : Jul 10, 2023, 7:59 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.