Ujjain female cops viral video : ভাইৰেল হৈছে মহাকাল মন্দিৰত দুই মহিলাই বনোৱা ৰিল - Ujjain female cops viral video

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 4, 2022, 5:19 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

ধৰ্মীয় স্থানত বোলছবিৰ গীতত নৃত্য কৰি ভিডিঅ' কৰাটো বৰ্তমান এক ফেশ্বনত পৰিণত হৈছে । আনকি তেনেদৰে ৰিল ভিডিঅ' বনোৱা প্ৰৱণতাও বৃদ্ধি পাইছে । কিন্তু সেই সময়ত সকলোৱে পাহৰি যায় যে তেওঁলোকৰ এটা গানে বহু লোকৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিব পাৰে আৰু ই বিতৰ্কৰো মুখ্য কাৰণ হ'ব পাৰে । এইবাৰ উজ্জয়িনীৰ মহাকালেশ্বৰ জ্যোতিৰ্লিঙ্গ মন্দিৰ চৌহদত, দুগৰাকী মহিলা সুৰক্ষা কৰ্মীয়ে বোলছবিৰ গীতত ৰিল বনাইছে আৰু ই সম্প্ৰতি ভাইৰেল হৈ পৰিছে (Female cops dancing inside Mahakal temple)। ভাইৰেল ভিডিঅ'টো মহাকাল মন্দিৰ চৌহদৰ বিশ্ৰামধামৰ বুলি জানিব পৰা গৈছে (Ujjain female cops dancing video)। অৱশ্যে ভিডিঅ'টো কেতিয়াৰ সেই কথা জানিব পৰা হোৱা নাই । বৰ্তমান, এই ভিডিঅ'টোৱে সামাজিক মাধ্যমত এক আলোড়নৰ সৃষ্টি কৰিছে ।
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.