Udali Model Hospital reopened: পুনৰ মুকলি কৰা হ’ল উদালী আদৰ্শ চিকিৎসালয়
🎬 Watch Now: Feature Video
হোজাই,২০ ছেপ্টেম্বৰ: হোজাই জিলাৰ লংকাৰ পাৰ্শ্বৱৰ্তী উদালিৰ ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ পুৰণ কৰি বুধবাৰৰ পৰা পুনৰ মুকলি কৰা হয় উদালি আদৰ্শ চিকিৎসালয় । ২০১৪ চনত উদালী আদৰ্শ চিকিৎসালয়খন অসমৰ স্বাস্থ্য বিভাগে নিৰ্মাণ কৰি উদালীবাসী ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ পুৰণ কৰিছিল ।
উল্লেখযোগ্য যে যোৱা ১ জুন ২০২১ তাৰিখে অসম কঁপাই যোৱা হোজাইৰ এই উদালী চিকিৎসালয়তে চিকিৎসকক প্ৰহাৰৰ ঘটনা সংঘটিত হৈছিল । এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি আত্মীয়ই প্ৰহাৰ কৰিছিল কৰ্তব্যৰত ডাঃ সেউজ কুমাৰ সেনাপতিক ৷ ইয়াৰ পাছৰে পৰা উদালী আদৰ্শ চিকিৎসালয়খনত চিকিৎসকসকলে বিভিন্ন কাৰণত যোগদান কৰা নাছিল । চিকিৎসালয়খনৰ অধীক্ষক ডাঃ চফিৰুদ্দিন আহমেদ আৰু হোজাই জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰঞ্জু ৰাজখোৱাৰ প্ৰচেষ্টাৰ ফলত বুধবাৰে পুনৰবাৰ আৰম্ভ হয় চিকিৎসালয়খন ।
এই পুনৰ মুকলি হোৱা উদালী আদৰ্শ চিকিৎসালয়খনত যোগদান কৰা চিকিৎসকসকলক স্থানীয় ৰাইজে এখন সভাৰ জৰিয়তে ফুলাম গামোচাৰে আদৰণি জনাই । উক্ত অনুষ্ঠানত উদালীৰ পাৰ্শ্বৱৰ্তী অঞ্চলত ৰাইজৰ উপৰিও চিকিৎসালয়খনৰ অধীক্ষক ডাঃ চফিৰুদ্দিন আহমেদ উপস্থিত থাকে ।