যোৰহাটত বিশেষ সুবিধাসম্পন্ন অংগনৱাড়ী কেন্দ্ৰ উন্মোচন - MP Kamakhya Prasad Tasa

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 8:34 PM IST

যোৰহাট, 18 নৱেম্বৰ : শিশুসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাটত বিশেষ সা-সুবিধাযুক্ত অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰা হৈছে ৷ শিশুসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ অৰ্থে সোণালী শৈশৱ বিকশিত অসম আঁচনিৰ জৰিয়তে ৰাজ্যখনত সৰ্বমুঠ ১০০০ টা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ হৈছে ।

ইয়াৰ অংশ হিচাবে শনিবাৰে যোৰহাটৰ গড়মূৰত ৪৭ নং শংকৰপুৰ বনুৱাবস্তিত দুটাতকৈও অধিক অংগনৱাড়ী কেন্দ্ৰক একেলগে সামৰি আধুনিক সা-সুবিধাৰে পৰিপূৰ্ণ এটা কেন্দ্ৰ মুকলি কৰে যোৰহাট সমষ্টি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ।

ৰাজ্যৰ সমাজ কল্যান বিভাগৰ দ্বাৰা নিৰ্মিত উক্ত অত্যাধুনিক অংগনৱাড়ী কেন্দ্ৰটোৰ নিৰ্মাণৰ ব্যয় ২৫ লাখ টকা । উক্ত কেন্দ্ৰটো মুকলি কৰি যোৰহাট সমষ্টি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে বিশেষ সা-সুবিধাৰে পৰিপূৰ্ণ এনে এটা অংগনৱাড়ী কেন্দ্ৰ যোৰহাটক দিয়া বাবে বিত্তমন্ত্ৰী তথা যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগক কৃতজ্ঞতা প্ৰদান কৰে ।

লগতে পঢ়ক : ৰাজ্যিক পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ হৈ জিলিকিল টীয়কৰ শ্ৰেষ্ঠা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.