Assam Meghalaya Border clash: কাৰ্বি আংলঙৰ মেঘালয় সীমান্তত খাচী দুৰ্বৃত্তৰ দপদপনি - Khasi miscreants Attack Assamese peoples
🎬 Watch Now: Feature Video
ডিফু, ১১ মে’: অসম-মেঘালয় সীমান্তত পুনৰ উত্তেজনা (Assam Meghalaya Border clash) ৷ অসম-মেঘালয়ৰ সীমান্তত উত্তেজনাপূৰ্ণ পৰিৱেশ অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলঙৰ হামৰেণৰ অসম-মেঘালয় সীমান্তৱৰ্তী তাড’-লাংছ’ত মেঘালয়ৰ খাচী দুৰ্বৃত্তৰ তাণ্ডৱে সীমান্তবাসীৰ মাজত আতংকৰ সৃষ্টি হৈছে (Khasi miscreants Attack Assamese peoples) ৷
প্ৰাপ্ত খবৰ অনুসৰি অসম-মেঘালয় সীমান্তৰ অসমৰ তাড’-লাংছ’ গাঁৱত থকা এখন চাহ বাগিচা খাচী দুৰ্বৃত্তই কাটি তহিলং কৰাৰ লগতে জ্বলাই দিলে বাগিচাখনৰ এটা টঙী ঘৰ (Two villagers attack by Khasi miscreants)৷ ফলত গাঁওবাসীয়ে দুৰ্বৃত্তক বাধা দিবলৈ অহাত গাঁওবাসীক খাচী দুৰ্বৃত্তই দাৰে ঘপিয়াই আহত কৰে দুজনকৈ গাঁওবাসীক ৷ আহত এজনৰ নাম এলবাৰ্ট তিমুং বুলি জানিব পৰা গৈছে ৷ গুৰুতৰভাৱে আহত এলবাৰ্ট তিমুঙক হোজাইস্থিত হাম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
উল্লেখ্য যে, যোৱা ১৭ এপ্ৰিলত এই অঞ্চলতে সীমান্তৰৰ পৰা অহা খাচীয়া লোকৰ এটা দলে কাৰ্বি পৰিষদে স্থাপন কৰা স্থাপন কৰা এখন গেইট ভাঙি লণ্ড-ভণ্ড কৰিছিল ৷ সীমান্তৰ এনে উত্তেজনাপূৰ্ণ পৰিৱেশৰ পিচত এতিয়া অসম চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে ৷
লগতে পঢ়ক: Congress slams BJP: দুবছৰীয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছৰ