Dihanam in Udalguri:2000 আয়তীয়ে জুৰিলে দিহানাম, লক্ষ্য বিশ্ব অভিলেখ - ২০০০ হাজাৰকৈ আয়তীয়ে জুৰিলে দিহানাম
🎬 Watch Now: Feature Video
Published : Sep 25, 2023, 6:30 PM IST
ওদালগুৰি, 25 ছেপ্টেম্বৰ : বিশ্ব দৰবাৰত দিহানামক প্ৰতিষ্ঠা লাভ কৰোৱাৰ উদ্দেশ্যৰে একত্ৰিত হ’ল ২০০০ হাজাৰকৈ আয়তী । ওদালগুৰি জিলাৰ কলাইগাঁৱত শংকৰ-মাধৱ সাংস্কৃতিক দিহা-নাম সমাজৰ উদ্যোগত বিশ্ব ৰেকৰ্ড গঢ়াৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উক্ত অনুষ্ঠানতেই দিহা-নামৰ কেছেট উন্মোচনী কৰে বিটিআৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাই । কলাইগাঁও জনমঞ্চ প্ৰাংগণ আয়তিৰ হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰে ।
ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা একত্ৰিত হোৱা প্ৰায় ২০০তকৈ অধিক দিহা-নাম দলে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত । উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে বিটিআৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাই ৷ ওদালগুৰি জিলাৰ শংকৰ-মাধৱ দিহা-নাম সংঘৰ সভাপতি কালিদাস বৈশ্যও উপস্থিত থাকে । আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম শংকৰ-মাধৱ দিহানাম সমাজৰ সভাপতি গণেশ দাসৰ লগতে কামৰূপ আৰু ওদালগুৰি জিলাৰ কেইবাগৰাকীও বিষয়ববীয়াই । উল্লেখ্য যে, বিহুনাচৰ পিচত দিহানামক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অসম চৰকাৰে লোৱা পদক্ষেপক আদৰণী জনাইছে কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাই ।
লগতে পঢ়ক : National Drama Festival: সাতদিনীয়া কাৰ্যসূচীৰে টংলাত জয়ৰংগমৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ