Two thieves nabbed by the police In Jamuguriha: জামুগুৰিহাটত দুটা চিলনী চোৰক ৰাইজে কৰায়ত্ব কৰি চমজালে আৰক্ষীক - চিলনী চোৰক ৰাইজে কৰায়ত্ব কৰি চমজালে আৰক্ষীক
🎬 Watch Now: Feature Video

চতিয়া, ১৬ জুন : জামুগুৰিহাটত দুটা চিলনী চোৰৰ উপদ্ৰৱ ৷ প্ৰথমতে দোকানলৈ গৈ বস্তু কিনাৰ চলেৰে গৰাকীৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিয়াৰ চেষ্টা কৰে দুটা চিলনী চোৰে ৷ পিচত ৰাইজে কৰায়ত্ত কৰি চমজালে আৰক্ষীক।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে বৃহস্পতিবাৰে নিশাৰ ভাগত জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থলত সোণালী বৰা নামৰ মহিলা গৰাকীৰ ডিঙিত থকা সোণৰ চেইন থপিয়াই লৈ পলাবলৈ চেষ্টা কৰোতেই স্থানীয় ৰাইজে চোৰ দুটাক কৰায়ত্ত কৰি জামুগুৰি আৰক্ষীক চমজাই দিয়ে । কৰায়ত্ত কৰা চোৰ দুটাৰ নাম হ’ল ফুল বাবু চাহানী আৰু ৰামজী চাহানী । চোৰ দুটাৰ ঘৰ বিহাৰৰ সমষ্টিপুৰত ।
উল্লেখ্য যে যোৱা দুদিন ধৰি চোৰ দুটাই বিশেষকৈ সন্ধিয়াৰ ভাগত জামুগুৰিহাটৰ বিভিন্ন স্থানত কেইবাগৰাকীও মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই ছিঙি নি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল । ইতিমধ্যে আৰক্ষীয়ে চোৰ দুটাক আটক কৰি তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক : Guwahati thief incident:হাতীগাঁৱত চিলনী চোৰে থপিয়াই নিলে মহিলাৰ বেগ