Dhubri theft incidents : ধুবুৰীত একেদিনাই দুটাকৈ চুৰিকাণ্ড, লক্ষাধিক টকাৰ লগতে বাইক চুৰি - dhubri two theft incidents
🎬 Watch Now: Feature Video


Published : Oct 6, 2023, 7:33 AM IST
ধুবুৰী, 6 অক্টোবৰ : ধুবুৰীত সঘনাই এটাৰ পিচত আনটোকৈ চুৰিকাণ্ড আৰু ধন লুটৰ ঘটনা সংঘটিত হোৱাৰ ফলত নিৰাপত্তাহীনতাত ভুগিছে জনসাধাৰণ ৷ বৃহস্পতিবাৰৰ দিনটোত চহৰখনৰ মাজমজিয়াত দুটাকৈ চুৰিকাণ্ড সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷
ধুবুৰী পৌৰসভা কাৰ্যালয়ৰ নিচেই কাষতে পাৰ্কিং কৰি ৰখা এখন বাহনৰ পৰা চোৰে লুটি নিয়ে এটা টকাৰ বেগ । AS01DH 5376 নম্বৰৰ এখন বাহনৰ গ্লাছ ভাঙি মুঠ 1 লাখ 60 হাজাৰ টকাসহ এটা বেগ লৈ উধাও হয় চোৰ । ধুবুৰীৰ পানবাৰী অঞ্চলৰ ফুলচান্দ হক নামৰ ঠিকাদাৰ এজনে বেংকৰ পৰা টকাখিনি উলিয়াই নিজ বাহনখনত থৈ বিৰসিং জৰুৱা উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ যায় ।
সেই সময়ত কিনকিনিয়া বৰষুণ পৰি থকাৰ সুযোগ গ্ৰহণ কৰে চোৰে ৷ তাৰ পাচত চোৰে বাহনখনৰ গ্লাছ ভাঙি টকাৰ বেগটো উলিয়াই লৈ যায় ৷ চুৰি হোৱা টকাৰ বেগটোত বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ আছিল বুলিও সদৰী কৰে ভুক্তভোগী ঠিকাদাৰজনে।
উক্ত দিনাই ধুবুৰী চহৰৰ বিদ্যাপাৰা মাৰ্কাজ মছজিদৰ সন্মুখত নিজৰ মটৰ চাইকেলখন থৈ এজন লোকে নামাজ পঢ়িবলৈ যায় ৷ তেনে সময়তে চোৰে সুযোগ বুজি উক্ত স্থানৰ পৰা মটৰ চাইকেলখন লৈ উধাও হয় । মটৰ চাইকেল চুৰি কাৰ্যৰ সকলো দৃশ্যাংশ বন্দী হয় চিচিটিভি কেমেৰাত । ঘটনা সংক্ৰান্তত দুই ভুক্তভোগী লোকে ধুবুৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।
লক্ষণীয় বিষয় যে, ইয়াৰ পূৰ্বে ধুবুৰী চহৰখনত বহুকেইটা ধন লুট আৰু চুৰি ঘটনা সংঘটিত হৈছে ।