Teenagers missing in Goalpara: নদীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ
🎬 Watch Now: Feature Video
গোৱালপাৰা, 7 মাৰ্চ: হোলীৰ আনন্দ-উল্লাহৰ মাজতে গোৱালপাৰা জিলাৰ মাটিয়াৰ গোপালপুৰত অঘটন । কৃষ্ণাই-দুধনৈ নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈ আছে দুই কিশোৰ (Teenagers missing in Goalpara) । সন্ধানহীন হোৱা দুই কিশোৰ ক্ৰমে শুভম নাথ আৰু (16) জনাৰ্দন দাস (18) বুলি জানিব পৰা গৈছে ৷
জানিব পৰামতে, হোলী খেলি মঙলবাৰে প্ৰায় দুপৰীয়া 12.30 মান বজাত দুই কিশোৰে লগৰ বন্ধুৰ লগত কৃষ্ণাই-দুধনৈ নৈত গা ধুবলৈ গৈছিল । গা ধুই থাকোঁতে হঠাৎ দ পানীত কিশোৰ দুজন সন্ধানহীন হৈ পৰে (Two teenagers missing while bathing in the river )।
প্ৰথমৱস্থাত লগৰীয়া কেইজনে কিশোৰদ্বয়ক বিচাৰ খোচাৰ কৰে যদিও বিচাৰি নোপোৱাত কিশোৰ দুজনৰ ঘৰত খবৰ দিয়ে । এই খবৰ পায়েই পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ SDRF বাহিনীক খবৰ দিয়ে । SDRF বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত যুৱকদ্বয়ক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে যুৱক দুজনক উদ্ধাৰ কৰিব পৰা নাই (Rescue mission continue)। আজি আন্ধান নোহোৱা পৰ্যন্ত SDRF বাহিনী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ অভিযান অব্যাহত থাকিব ৷
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী শুভম নাথ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী জনাৰ্দন দাসৰ নিখোজৰ ঘটনাই বৃহত্তৰ মাটিয়া অঞ্চলত শোকৰ ছাঁ পেলাইছে ৷
লগতে পঢ়ক: Youth suicide case: আধৰুৱা হ’ল চিকিৎসক হোৱাৰ সপোন; পৰীক্ষাত অনুতীৰ্ণ হৈ আত্মহনন ছাত্ৰৰ