thumbnail

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 8:25 PM IST

ETV Bharat / Videos

Two students died: নৈত গা ধুবলৈ গৈ দুজন ছাত্ৰৰ সলিল সমাধি

হোজাই, 31 আগষ্ট : ৰাজ্যজুৰি নৈ উপনৈসমূহ ফেনে ফুটুকাৰে বাঢ়িছে ৷ বৃহস্পতিবাৰে ডিমা হাছাও জিলাৰ মান্দাৰদিচা আৰু হোজাই জিলাৰ লামডিঙৰ সীমান্তৱৰ্তী নৈত গা ধুবলৈ গৈ দুজন ছাত্ৰৰ সলিল সমাধি ঘটে ৷ মৃত ছাত্ৰ দুগৰাকীৰ বয়স প্ৰায় ১৫ বছৰ হ'ব বুলি জানিব পৰা গৈছে ।

জানিব পৰামতে বৃহস্পতিবাৰে লামডিঙৰ ৩ জন বন্ধুৱে একেলগে স্কুটী লৈ নৈত গা ধুঁবলৈ গৈছিল ৷ নৈত গা ধুই থকা অৱস্থাতে দুই ছাত্ৰ নদীৰ সোঁতত পৰি বুৰ যায় ৷ লগে লগে দুই ছাত্ৰই অকাল মৃত্যুক সাৱটি লয় ৷ লগে লগে ঘটনাৰ খবৰ পাই আৰক্ষী উপস্থিত হৈ ছাত্ৰ দুগৰাকীৰ মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰে ৷ 

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, মৃত ছাত্ৰ দুগৰাকী লামডিং কেন্দ্ৰীয় বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়নৰত আছিল। দুই ছাত্ৰৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক: Assam Flood: ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি; জলমগ্ন বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.