Ganja seized: জোনাইত গাঞ্জাসহ দুই যুবকক আটক - Ganja seized
🎬 Watch Now: Feature Video
Published : Sep 6, 2023, 9:18 PM IST
জোনাই, 6 ছেপ্টেম্বৰ: ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে ধেমাজি জিলাৰ জোনাইৰ নগৰীয়া কেম্পত গাঞ্জাসহ দুই যুৱকক আটক, মহিলা গাওঁৰক্ষী বাহিনীয়ে আটক কৰি আৰক্ষীক গতাই দিয়ে ৷ জোনাইত বুধবাৰে দুপৰীয়া প্ৰায় 1 বজাত নগৰীয়া কেম্পত গাঞ্জাসহ দুই যুৱকক মহিলা গাঁওৰক্ষী বাহিনীয়ে কৰায়ত্ত কৰে ৷ যুৱক দুজনৰ পৰা গাঞ্জাও উদ্ধাৰ কৰে গাঁওৰক্ষী বাহিনীৰ দলটোৱে ৷
জানিব পৰা মতে জোনাই নগৰীয়া কেম্পত অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ পৰা গাঞ্জা কিনিবলৈ আহিছিল দুই যুৱকে ৷ গাঞ্জা ক্ৰয় কৰাৰ পিচতে দুই যুৱক মহিলা গাঁওৰক্ষী বাহিনীৰ দলটোৰ হাতত পৰে ৷ লগে লগে তেওঁলোকে স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈ দুই কৰায়ত্ত কৰা যুৱকক আটক কৰে ৷ ধৃত যুৱকদ্বয় হৈছে পাচিঘাটৰ গান্ধী হামাম আৰু মজী ৰিনা ।
লগতে পঢ়ক: Robbery incident: পথত ৰখাই থোৱা গাড়ীৰ গ্লাছ ভাঙি লুটিলে ৮০ হাজাৰ টকা