Drugs paddler arrested: খানাপাৰাত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী - Police against drugs
🎬 Watch Now: Feature Video


Published : Oct 11, 2023, 10:44 PM IST
গুৱাহাটী,১১ অক্টোবৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্য়াহত আছে ড্ৰাগছ বিৰোধী অভিযান । মহানগৰীতো আৰক্ষীয়ে অবিৰতভাৱে চলাই গৈছে ড্ৰাগছ বিৰোধী অভিযান । কিন্তু একাংশই আৰক্ষীৰ নাকৰ তলেৰেই চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । ইয়াৰ মাজতে মহানগৰীৰ খানাপাৰাত পুনৰ এছ টি এফৰ অভিযানত জালত পৰে মহিলাসহ দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী ।
সৰবৰাহকাৰী দুটা ক্ৰমে গোপাল হাজৰিকা আৰু পদুমী কাঠাৰ বুলি জানিব পৰা গৈছে । সৰবৰাহকাৰী দুটাৰ পৰা ৩৫ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰ জব্দ কৰে আৰক্ষীয়ে । জানিব পৰা মতে দীৰ্ঘ দিন ধৰি ড্ৰাগছ সৰবৰাহকাৰীকেইটাই খানাপাৰা, বশিষ্ঠৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল । বুধবাৰে বিয়লিভাগত খানাপাৰা উৰণ সেতুৰ ওচৰৰ পৰা STF ৰ এটা দলে অভিযান চলাই সৰবৰাহকাৰী দুটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । লগতে ৩৫ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰৰ লগতে এখন মটৰ চাইকেল জব্দ কৰে । উল্লেখ্য যে বুধবাৰে পুৱাৰভাগতো এছ টি এফৰ এটা দলে মহানগৰীৰ লখৰাস্থিত জেইল ৰোডৰ সমীপত ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল এটা ড্ৰাগছ সৰবৰাহকাৰীক ।
লগতে পঢ়ক: Ganja seized: চতিয়াত বুজন পৰিমাণৰ গাঞ্জাসহ সৰবৰাহকাৰীক আটক