Two sisters death: বাঢ়নী পানীত পৰি দুই কণমানিৰ সলিল সমাধি - FLOOD DAMAGES IN ASSAM
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/31-08-2023/640-480-19401900-thumbnail-16x9-amar.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 31, 2023, 7:46 PM IST
বিলাসীপাৰা, 31 আগষ্ট : ৰাজ্যজুৰি বানৰ ত্ৰাস ৷ ধুবুৰী জিলাৰ বিলাসীপাৰাত ব্ৰহ্মপুত্ৰ আৰু গৌৰাং নৈৰ বাঢ়নী পানীয়ে বিভিন্ন অঞ্চল প্লাবিত কৰিছে ৷ বিলাসীপাৰা ৰাজহ চক্ৰ অন্তৰ্গত হাতীপোতা, ছুৱাপাতা, কাজাইকাটা, শাইল ধৰা, ঘুৰ্ণীমাৰী, মায়াৰ চৰ, বন্দিহানা আদি অঞ্চলত গৌৰাং আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে ৷ বিস্তৃৰ্ণ কৃষিভূমি নৈৰ বুকুত বিলীন হৈ গৈছে ৷ ভৰি পৰিছে উপনৈসমূহ ৷
ইয়াৰ মাজতে উপনৈৰ ছুৱাপাতাৰ চতুৰ্থ খণ্ড গাঁৱ বাঢ়নী পানীত পৰি আজি দুই ভগ্নীয়ে কৰুণ মৃত্যুক সাৱটি লয় ৷ জানিব পৰা মতে গাঁৱখনৰ ৰবিয়াল ইছলামৰ দুই জীয়ৰী ক্ৰমে মোছলিমা খাতুন (৬) আৰু ৰেছমিনা খাতুনে (৪)ঘৰৰ কাষৰে বৈ যোৱা উপনৈৰ বাকৰিত উমলি আছিল। এনেতে দুই ভনীৰ ভৰি পিছল খাই দপানীত পৰি যায়। বহু সময়লৈ ভগ্নীদ্বয় ঘৰলৈ নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাত উপনৈত পৰা বুলি গম পাই ততাতৈয়াকৈ স্থানীয় লোকৰ তত্বাৱধানত ভগ্নীদ্বয়ক পানীৰ পৰা উদ্ধাৰ কৰে ৷
ইয়াৰ পিচতে ভগ্নীদ্বয়ক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে। এই মৰ্মান্তিক ঘটনাই পৰিয়ালৰ লগতে সমগ্ৰ গাঁওখনত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।
লগতে পঢ়ক: Silsako Eviction: শিলসাঁকোত পুনৰ উত্তপ্ত পৰিস্থিতি; উচ্ছেদিতক সংস্থাপন দিয়াৰ আশ্বাস GMDAৰ