কালিকা লাগিছে গোলাঘাটৰ ৰাজপথত, পুনৰ বনভোজকাৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত - 39 নং ৰাষ্ট্ৰীয় ঘাইপথ
🎬 Watch Now: Feature Video
Published : Jan 8, 2024, 10:39 AM IST
গোলাঘাট, 8 জানুৱাৰী : গোলাঘাট জিলাত একেদিনাই দুটাকৈ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে ৷ প্ৰথমটো ঘটনাত দেৰগাঁৱৰ বালিজানৰ ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই সোমবাৰে পুনৰ বনভোজলৈ যোৱা আল্টা ষ্টাৰ বাছ এখন দুৰ্ঘটনাগ্ৰস্ত হৈছে । জিলাখনৰ নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিষ্ণুপুৰ চাৰিআলিত সংঘটিত হৈছে এই ঘটনা । ঘাইপথৰ মাজতেই বাছখনৰ পিচৰ চকা খুলি পৰে । সৌভাগ্যক্ৰমে ৰক্ষা পৰে লক্ষৌজান পৰা দেওপানী মন্দিৰলৈ যোৱা বনভোজকাৰীৰ 37 জনীয়া দলটো । দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনৰ নম্বৰ AS 02 B 5529 বুলি জানিব পৰা গৈছে ।
গাড়ীখনৰ চকা খুলি যোৱাৰ লগে লগে ততাতৈয়াকৈ গাড়ীৰ পৰা যাত্ৰীসকল নামি যায় । অৱশ্যে এই ঘটনাত কোনো লোক আহত হোৱা নাই । দেওপানীৰ পৰা লক্ষৌজানলৈ ঘূৰি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷
ইফালে দ্বিতীয়টো দুৰ্ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ বাদুলীপাৰাত ৷ সোমবাৰে পুৱা 5 বজাত বাদুলীপাৰাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰিল চিলিণ্ডাৰ ভৰ্তি ট্ৰাক । গুৱাহাটী পৰা ডিমু অভিমুখে আহিছিল ট্ৰাকখন । চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখনৰ নম্বৰ AS01NC 3090 বুলি জানিব পৰা গৈছে ৷ এক ভয়ংকৰ অঘটনৰ পৰা ৰক্ষা পৰে অঞ্চলটো ৷ ঘটনাস্থলীত দেৰগাঁৱৰ যান-বাহন আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে ৷
লগতে পঢ়ক: দেৰগাঁৱৰ পথ দুৰ্ঘটনাৰ অভিযুক্তক চৰকাৰে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ কৃষক মুক্তিৰ