Two road accidents: ডিব্ৰুগড়ত একে নিশাই দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 3:28 PM IST

thumbnail

মৰাণ, 19 ছেপ্টেম্বৰ: বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজতে  ডিব্ৰুগড় চহৰত সোমবাৰে নিশাই দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ডিব্ৰুগড়ৰ চাউলখোৱাত সংঘটিত হয় প্ৰথমটো ভয়ংকৰ পথ দুৰ্ঘটনা। বকুলৰ পৰা ডিব্ৰুগড় অভিমুখে আহি থকা AS-06AJ-4888 নম্বৰৰ এখন তীব্ৰবেগী I 20 বাহনে AS-O6 AC-4987 নম্বৰৰ এখন অট’ক খুন্দা মৰা ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। 

এই দুৰ্ঘটনাটোত অট’ যাত্ৰী কাশ্মিৰা বেগম, দুই কিশোৰী চাহিন বেগম, ইচা বেগম সহ আমিন আলী নামৰ এজন অট’ চালক আহত হয়। এই ঘটনাৰ পিচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ I 20ৰ চালক দীপু বৰদলৈক আটক কৰিছে। 

আনহাতে ডিব্ৰুগড় চহৰত মাজনিশা আন এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। চহৰখনৰ মাজমজিয়াত অৱস্থিত হোটেল লীটল পেলেচৰ কাষত ৰখাই থোৱা কেইবাখনো বাহনত সুৰাপায়ী চালক ইমৰাণ নামৰ ব্যক্তিজনে নিজৰ I 10 বাহনৰে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত বহু দূৰত উফৰি পৰে। ইয়াৰ পাচতে পথৰ কাষত ৰখাই থোৱা বহু কেইখন বাহন মহতিয়াই নিয়াৰ ফলত পৰিৱেশ উত্তপ্ত হৈ পৰে। পাচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰে বুলি জানিব পৰা গৈছে।

লক্ষণীয় যে, দুয়োটা পথ দুৰ্ঘটনাই অত্যধিক সুৰাপান কৰি বাহন চলোৱাৰ বাবে সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Fire in Dibrugarh: ডিব্ৰুগড়ৰ বামুণবাৰী তিনিআলিত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.