thumbnail

By

Published : Jan 3, 2023, 10:20 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Massive Fire at Nazira :বিহুবৰৰ অগ্নিকাণ্ডত নিমিষতে ছাই হ’ল দুখনকৈ ঘৰ

শিৱসাগৰৰ নাজিৰাত মঙলবাৰে সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire at Nazira)৷ বিহুবৰ ৰঙাজানত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডত চুভান আলি আৰু চিৰাজুদ্দিন আহমেদ নামৰ ব্যক্তি দুগৰাকীৰ ঘৰ সম্পূর্ণৰূপে ভষ্মীভূত হয় (Nazira Bihubor fire incident)৷ লক্ষাধিক টকাৰ সা-সম্পত্তিৰ লগতে বহু নথি-পত্ৰ জুইত জাহ যায় ৷ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকৰ প্ৰচেষ্টা সীমান্ত পথ সংস্থাৰ(Border road organization) এখন পানী টেংকাৰৰ সহায়ত জুই নিৰ্বাপিত কৰা হয় ৷ অগ্নি নিৰ্বাপক বাহিনীক অগ্নিকাণ্ডৰ বিষয়ে অৱগত কৰা হৈছিল যদিও অগ্নি নিৰ্বাপন হোৱাৰ পিছতহে ঘটনাস্থলীত উপস্থিত হয়হি ৷ অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও চৌকাৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.