thumbnail

By

Published : Aug 19, 2023, 9:36 PM IST

ETV Bharat / Videos

Python Rescue in Jonai: জোনাইৰ বিভিন্ন স্থানত দুটাকৈ অজগৰ উদ্ধাৰ

জোনাই,19 আগষ্ট: শনিবাৰে চিমেন চাপৰিৰ কৈৱৰ্ত গাঁৱত উদ্ধাৰ হয় এটা অজগৰ । চিমেন কৈৱৰ্ত গাঁৱৰ ধৰণী দাসৰ কন্যাই অজগৰটো প্ৰথমে প্ৰত্যক্ষ কৰে । লগে লগে পৰিয়ালৰ লগতে গাঁৱৰ ৰাইজে আঠ কেজি ওজনৰ দহ ফুট দীঘল অজগৰটো ধৰি বন বিভাগক খবৰ দিয়ে । ৰাইজে দিয়া খবৰৰ ভিত্তিত তেলাম খণ্ড বন বিষয়া ললিত চন্দ্ৰ ৰিচং, হেমচন্দ্ৰ পায়েঙে চিমেন কৈৱৰ্ত গাঁৱত উপস্থিত হৈ উদ্ধাৰ কৰে অজগৰটো ৷ উদ্ধাৰ কৰা অজগৰটো বনবিভাগৰ লোকে চিমেন চাপৰিৰ জামজিং বনাঞ্চলত এৰি দিয়ে ।

ইপিনে ৰামধন দিখাৰীৰ মুক্তিয়াৰ গাঁৱতো আজি এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰা হয় । মুক্তিয়াৰ গাঁৱৰ কেশৱ কামানৰ পুখুৰীত অজগৰটো প্ৰত্যক্ষ কৰাৰ পাচতে স্থানীয় ৰাইজে ধৰিবলৈ চেষ্টা কৰে ৷ কিন্তু কেশৱ কামানৰ ভঁৰালত সোমাই যায় অজগৰটো । তাৰ পাচতে টিএমপিকে,এমএমকেৰ ৰামধন দিখাৰী আঞ্চলিক সমিতিৰ বিষয়ববীয়া, স্থানীয় ৰাইজে অজগৰটো ধৰি বন বিভাগক খবৰ দিয়ে । উদ্ধাৰ কৰা অজগৰটো প্ৰায় পোন্ধৰ কেজি ওজনৰ আৰু দীঘলে পোন্ধৰ ফুটৰ আছিল ।

লগতে পঢ়ক:Dhemaji Atul Saikia murder case: বন্ধুৱে মাতোতেই ঘৰৰ পৰা ওলাই যোৱা অতুল উভতিল নিথৰ দেহে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.