বঙাইগাঁও জিলাৰ তালগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা - উদ্ধাৰ অভিযান অব্যাহত
🎬 Watch Now: Feature Video


Published : Dec 19, 2023, 10:03 PM IST
বঙাইগাঁও, ১৯ ডিচেম্বৰ : বঙাইগাঁও জিলাৰ তালগুৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । তালগুৰিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা । ট্ৰাক আৰু টাটা ইণ্ডিকা বাহনৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ ৷ সংঘৰ্ষৰ ফলত ঘটনাস্থলীতে থিতাতে দুজনৰ মৃত্যু ঘটে আৰু এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷
আহতজনক ততাতৈয়াকৈ নিকটৱৰ্তী হাস্পতাললৈ লৈ যোৱা হয় । দুৰ্ঘটনাগ্ৰস্ত টাটা ইণ্ডিকা বাহনখনৰৰ নম্বৰ হৈছে AS 01 BM 2066 আৰু ট্ৰাকখনৰ নম্বৰ হৈছে UP 21 BN 8046 ৷ শালমাৰাৰ পৰা ধুবুৰী অভিমুখে আহি থকা অৱস্থাত ইণ্ডিকা বাহনখন দুৰ্ঘটনাত পতিত হয় । বাতৰি যুগুত কৰা পৰলৈকে মৃত ব্যক্তি দুজনৰ লগতে আহত ব্যক্তিজনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । ঘটনাস্থলীত বইটামাৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : বৰপেটাৰোডত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত মহিলা